নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাক সম্বৰ্ধনা নগাঁও জিলা সাহিত্য সভাৰ

বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক সাংবাদিক ড০ হিতেশ ডেকাক নগাঁও জিলা  সাহিত্য সভাৰ এটা প্ৰতিনিধি দলে তেওঁৰ কাৰ্যালয়ত সম্ভাষণ জনোৱাৰ লগতে আদৰণি জনায়।

উপাচাৰ্য গৰাকীৰ লগত নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিনিধি দলটোৱে বিশ্ববিদ্যালয়খনৰ উন্নয়ন আদি বিভিন্ন বিষয়ত আলোচনা কৰে।উপাচাৰ্য গৰাকীয়ে বিশ্ববিদ্যালয়খনক আগুৱাই নিয়াৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে।

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা নগাঁও মহাবিদ্যালয়ৰ অৱসৰু অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কথা দোহাৰে। নগাঁও জিলা সাহিত্য সভাই উপাচাৰ্য ড: ডেকাক গামোচা চেলেং ,স্মাৰক ,গ্ৰন্থৰ টোপোলা আদিৰে সম্ভাষণ জনায়।

নগাঁও জিলা সাহিত্য সভাৰ হৈ সভাপতি ড: শৰৎ বৰকটকী, প্ৰাক্তন সভাপতি থগিত মহন্ত, সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাৰ লগতে অন্যান্য বিষয়বববীয়া ক্ৰমে মহেশ নাথ ,সুৰজিৎ গোস্বামী, প্ৰিয়ঙ্কু শৰ্মা ,মনোজ কুমাৰ শৰ্মা ,গাৰ্গী প্ৰীতম বৰা ,অধৰ ঠাকুৰীয়া ,কনক হাজৰিকা আদিয়ে উপাচাৰ্য গৰাকীক সম্ভাষণ জনায়।

বিশেষ বাৰ্তা, নগাঁও, ৩০ জুলাই

You might also like