টি-২০ ক্রিকেটত পৰাজয়ৰ ধাৰা অব্যাহত ৱেষ্ট ইণ্ডিজ-ৰ
বিগত ১৯খন টি–২০ মেচৰ ১৫খনতে পৰাজিত কেৰিবিয়ান বাহিনী
টি–২০ ক্রিকেটত পৰাজয়ৰ ধাৰা অব্যাহত আছে ৱেষ্ট ইণ্ডিজ ৰ৷ বিগত ১৯খন মেচৰ ১৫খনতে পৰাজয়ৰ মুখ দেখিছে কেৰিবিয়ান বাহিনীয়ে৷ ইয়াৰে দুখন মেচত জয়লাভ কৰাৰ বিপৰীতে দুখন মেচ পৰিত্যক্ত হোৱাৰ লগতে এখন মেচৰ ফলাফল নোলাল৷
পাকিস্তানৰ বিপক্ষে আৰম্ভ হোৱা তিনিখনীয়া টি–২০ মেচৰ প্রথমখনত পৰাস্ত হৈছে ৱেষ্ট ইণ্ডিজ৷ ফ্ল’ৰিডাৰ ল’ডাৰহিলত অনুষ্ঠিত মেচখনত পাকিস্তানে ১৪ ৰানত জয়লাভ কৰি শৃংখলাটোত ১–০ৰ অগ্রগতি লাভ কৰিছে৷
মেচখনত পাকিস্তানে জয়ৰ বাবে বান্ধি দিয়া ১৭৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৱেষ্ট ইণ্ডিজে ৭ উইকেটত ১৬৪ ৰানহে কৰে৷ অ’পেনাৰদ্বয় জনছন চাৰ্লছ আৰু জুৱেল এন্দ্রিউ উভয়ে ৩৫ আৰু জেছন হ’ল্ডাৰে অপৰাজিতভাৱে ৩০ ৰান কৰে৷
পাকিস্তানৰ হৈ মহম্মদ নৱাজে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি ছাইম আয়ুবৰ ৫৭, ফখৰ জামানৰ ২৮ আৰু হাছান নৱাজৰ ২৪ ৰানৰ সহায়ত পাকিস্তানে নির্ধাৰিত ২০ অভাৰত ৬ উইকেটত ১৭৮ ৰান কৰিছিল৷ ৱেষ্ট ইণ্ডিজৰ হৈ ছামাৰ যোছেফে সর্বাধিক ৩টা উইকেট লাভ কৰে৷
Niyomiya Barta Desk, 2 August, 2025