নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ ক’ৰোনাৰ ভাইৰাছক প্ৰতিহত কৰিবলৈ নিতৌ ন ন পন্থা অৱলম্বন কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে । যিসকল ৰোগীৰ দেহত এই ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছে সেইসকলক ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হৈছে যদিও বহুলোকে মানি চলা নাই চৰকাৰী এই নিয়ম ।
অৱশ্য়ে হোম কোৱাৰেণ্টাইনত থকা এইসকল ব্যক্তিয়ে যাতে কোনো কাৰণতে বাহিৰত বিনাদ্বিধাই ঘূৰি ফুৰিব নোৱাৰে তাৰ বাবে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে কৰ্ণাটক আৰক্ষীয়ে । বেংগালুৰু আৰক্ষীৰ সঞ্চালক ভাস্কৰ ৰাওৱে জনোৱা অনুসৰি হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া প্ৰতিজন লোকৰ হাততে লগোৱা হৈছে এক বিশেষ ষ্টাম্প । ১৪ দিনৰ সময়সীমা বান্ধি দিয়া এই ষ্টাম্প থকা লোকৰ বাহিৰত দেখা পালেই ১০০ ডায়েল কৰাৰ বাবে আহ্বান জনালে সঞ্চালকগৰাকীয়ে ।
উল্লেখ্য যে, আৰক্ষী সঞ্চালক ভাস্কৰ ৰাওৱে জনোৱা অনুসৰি বৰ্তমানলৈকে বেংগালুৰুৰ প্ৰায় ৫ হাজাৰ লোকক হাতত হোম কোৱাৰেণ্টাইনৰ এই ষ্টাপিং কৰা হৈছে । জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক নিজৰ ঘৰৰ বাহিৰতে আবদ্ধ হৈ থাকিবলৈ কোৱা হৈছে । অৱশ্যে হোম কোৱাৰেণ্টাইন ভংগ কৰা এইসকল লোকে যদিও নিৰ্বিচাৰে সকলোতে ভ্ৰমণ কৰি ফুৰে তেন্তে আইনী প্ৰক্ৰিয়াৰ মাজেৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিছে আৰক্ষী সঞ্চালকে ।
ইতিমধ্যে বেংগালুৰুত তেনে বহুলোকে বাহিৰত ঘূৰি ফুৰাৰ তথ্য আৰক্ষীৰ হাতত আহি পৰাৰ কথাও উল্লেখ কৰে ভাস্কৰ ৰাওৱে । অচিৰেই প্ৰশাসনে এইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কাৰাদণ্ড বিহাৰো সম্ভাৱনা আছে ।