ড° অঞ্জন শইকীয়ালৈ ত্ৰিপুৰাৰ শিশু সাহিত্য গৱেষণা কেন্দ্ৰৰ বঁটা, ‘দ্য মিৰ’ৰ’ শ্ৰেষ্ঠ জাৰ্নেল
চিনামৰা কলেজৰ অধ্যক্ষ, বিশিষ্ট গৱেষক, লেখক ড° অঞ্জন শইকীয়ালৈ ত্ৰিপুৰাৰ চিলড্ৰেন্স লিটাৰেচাৰ ৰিচাৰ্চ চেন্টাৰ চমুকৈ চি এল আৰ চি (শিশু সাহিত্য গৱেষণা কেন্দ্ৰ)য়ে ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ জাৰ্নেল বঁটা আগবঢ়াইছে । ড° শইকীয়াৰ ‘দ্য মিৰ’ৰ’ নামৰ জাৰ্নেলখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে । আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ‘দ্য মিৰ’ৰ’ নামৰ জাৰ্নেলখন শ্ৰেষ্ঠ জাৰ্নেল হিচাপে বিবেচিত হৈছে । ইতিমধ্যে বিশ্বৰ কেবাখনো দেশত প্ৰশংসিত হোৱা এই ‘দ্য মিৰ’ৰ’ জাৰ্নেলখনে একাধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । অহা ২৩ ডিচেম্বৰত ত্ৰিপুৰাত অনুষ্ঠিত হ’বলগীয়া চি এল আৰ চিৰ বাৰ্ষিক অধিৱেশনত ড° শইকীয়াক এই বঁটা প্ৰদান কৰা হ’ব । ‘দ্য মিৰ’ৰ’ৰ এই সফলতাৰ বাবে চিনামৰা কলেজৰ শিক্ষক -কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীসকলে ড° অঞ্জন শইকীয়াক অভিনন্দন জ্ঞাপন কৰিছে ।
Niyomiya barta Mariani