আজিৰ দিনটোৰ ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল
আজি ৯ আগষ্ট, শাওণ মাহৰ ২৩ তাৰিখ
শনিবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : শ্রৱণা, যাত্রা : নাই
মেষ : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷
বৃষ : আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা৷ বাটে–পথে ফুৰোঁতে সতর্ক হওক৷ বিদ্যাত মধ্যম৷ শৰীৰৰ দুর্বলতা৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
মিথুন : কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ আর্থিক প্রাপ্তিৰ আশা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
কর্কট : পূর্বৰ দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ আদিত উন্নত৷ অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱৰ দোষত শৰীৰিত কিছু আহুকালৰ কাৰক৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷
সিংহ : কোনো আকস্মিক বাধা বা ক্লেশে লগ দিব পাৰে৷ সহজতে যি কৰো বুলি ঠিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব৷ বাকী দিশত মজলীয়া ফল৷ দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
কন্যা : কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনোকাৰণত চিন্তাৰ কাৰণ হ’ব৷ শতভিষাৰ জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
তুলা : কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম, বিদ্যাত যত্নৰ ফল লাভ৷ ভ্রমণাদিত অমনোযোগী নহ’ব৷ সুনাম৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৫৷
বৃশ্চিক : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
ধনু : উন্নত দিনৰ অনুমান৷ যোগাযোগৰ খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ শিক্ষক–বুদ্ধিজীৱীৰ সুখ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯
মকৰ : ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশৰ সলনিৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সষ্টম হওক৷ যিসকল যোগ্যৱান সুনাম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
কুম্ভ : ৰুক্ষ চিন্তা অত্যধিক খৰচ হ’লেও আয়ত্ত থাকিব৷ পঢ়া–শুনাত মনোযোগ লাগিব৷ পদমর্যাদা লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মীন : আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব৷ ভ্রমণত সাৱধান৷ নতুন সম্পদ ক্রয়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷