কলিকতাত ডুমডুমাৰ চিত্ৰশিল্পী ৰণ্টু লহকৰৰ একক চিত্ৰ প্ৰদৰ্শনী
তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী ৰণ্টু লহকৰৰ এখন একক চিত্ৰ প্ৰদৰ্শনী অহা ১৫ আগষ্টৰ পৰা ২১ আগষ্টলৈকে কলিকাতাৰ সন্মানীয় একাডেমী অৱ ফাইন আৰ্টছত অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে, বিগত প্ৰায় দুটা দশক ধৰি বিশ্ব বিখ্যাত স্পিড পেণ্টাৰ ৰবীন বৰৰ শিষ্য ৰূপে শিক্ষা গ্ৰহণ কৰি থকা তথা ডুমডুমাৰ হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চিত্ৰশিল্পী ৰণ্টু লহকৰৰ অইল পেষ্টেল মাধ্যমত চিত্ৰায়িত এইখন ভাৰতৰ প্ৰথমখন একক চিত্ৰ প্ৰদৰ্শনী ।
সেয়ে প্ৰতিটো শিল্পকৰ্মৰ চহকী টেক্সাৰ, স্পন্দনশীল ৰং আৰু এই একক প্ৰদৰ্শনীৰ অভিজ্ঞতা লাভ কৰিবলৈ সকলো শিল্পপ্ৰেমীকে উষ্ম আমন্ত্ৰণ জনাইছে চিত্ৰশিল্পীগৰাকীয়ে। উল্লেখ্য যে ৰণ্টু লহকৰ ডুমডুমাৰ অম্বিকাগিৰী পথ নিবাসী বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী গোবিন্দ লহকৰ আৰু কামিনী লহকৰৰ দ্বিতীয় পুত্ৰ ।
নিয়মীয়া বাৰ্তা, ডুমডুমা, ৮ আগষ্ট. ২০২৫