নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ আগষ্টত সর্বাত্মক বন্ধ ঘোষণা আলফা (স্বাঃ)ৰ

স্বাধীনতা দিৱস উপলক্ষে ১৫ আগষ্টত সর্বাত্মক বন্ধ ঘোষণা কৰিছে আলফা স্বাধীনে৷ সেইদিনা নিশা ১২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ নিষিদ্ধঘোষিত সংগঠনটোৱে বন্ধ ঘোষণা কৰিছে৷

এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে আলফা স্বাধীনৰ প্রচাৰ বিভাগৰ সহঃ সম্পাদক ঈশান অসমে এই কথা সদৰী কৰে৷ কেৱল অসমতে নহয়, নাগালেণ্ডৰ লগতে পশ্চিম–দক্ষিণ পূব এছিয়াত স্বাধীনতা দিৱস উদ্যাপনত তেওঁলোকে বিৰোধিতা কৰিছে৷

সেয়েহে পশ্চিম–দক্ষিণ পূব এছিয়া অঞ্চলৰ সমূহ ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল–সংগঠন আৰু সর্বস্তৰৰ ৰাইজক স্বাধীনতা দিৱসৰ সকলো ধৰণৰ কার্যসূচীত যোগদানৰ লগতে ব্যক্তিগত স্তৰত পালন কৰাৰ পৰা বিৰত থাকিবলৈ আলফা স্বাধীনে আহ্বান জনাইছে৷

অৱশ্যে বন্ধৰ সময়ছোৱাত স্বাস্থ্য সেৱা, সংবাদ মাধ্যম আৰু ধর্মীয় কাম–কাজ বাহাল ৰখাৰ ক্ষেত্রত কোনোধৰণৰ বাধা–নিষেধ নাথাকিব বুলিও তেওঁলোকে স্পষ্ট কৰি দিছে৷ বিজ্ঞপ্তিত ঈশান অসমে কয় যে বিশ্বৰ প্রতিটো জাতিৰ লক্ষ্য নিজ জাতিটোক স্বকীয় গৰিমাৰে অবাধে আগবঢ়াই নিয়া৷

কিন্তু আমাৰ এই ঐতিহ্যমণ্ডিত ভূখণ্ডত সকলো সিদ্ধান্ত নিৰূপিত বা জাপি দিয়া হয় হিন্দী বলয়ৰ ইচ্ছা–নিচ্ছাৰ ওপৰত৷ য’ত থলগিৰিৰ আশা–আকাংক্ষাৰ মূল্য নাই৷ সেয়েহে প্রতিবছৰে অসম–নাগালেণ্ডৰ লগতে পশ্চিম–দক্ষিণ পূব এছিয়া অঞ্চলত ইয়াক পালন কৰাৰ আমি বিৰোধিতা কৰি আহিছোঁ৷

Niyomiya Barta Desk, 12 August, 2025

You might also like