নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰি কলেজত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ মুকলি

ওদালগুৰি মহাবিদ্যালয় চৌহদত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ওদালগুৰি কেম্পাচ আনুষ্ঠানিকভাৱে মুকলি হল। মুকলি কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।

এই উপলক্ষে অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ভাষনত বিটিআৰপ্ৰধান বড়োৱে কয়- বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমি ওদালগুৰি। এবছু তথা ওদালগুৰিবাসীৰ এক বহুদিনীয়া দাবী আছিল যে ওদালগুৰিত  শিক্ষাৰ এক শিক্ষানুষ্ঠান লাগে। অসম চৰকাৰৰ অনুমোদনৰ ভিত্তিত  আমি পূৰণ কৰিবলৈ পাই সচাকৈ আনন্দিত হৈছোঁ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাচৰ বাবে পূৰ্বে এক কোটি টকা অনুদান আগবঢ়োৱা হৈছে। পৰৱৰ্তী সময়ত পুনৰ ৫ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ লগতে স্হায়ীৰূপ দিয়াৰ ঘোষনা কৰে।

ভাষণ প্ৰসংগত তেওঁ প্ৰকাশ কৰা মতে চলিত বৰ্ষৰ পৰা বড়ো, শিক্ষা আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমেৰে পাঠদানৰ শুভ আৰম্ভ কৰা হ’ব। য’ত প্ৰতিটো বিষয়ত ৬০গৰাকী শিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰিব পাৰিব। অনুষ্ঠানত  নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়ো উপস্থিত থাকে।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বি এল আজুহাই কয় বৰ্তমান তিনিটা বিষয় বড়ো বিভাগ, শিক্ষা বিভাগ আৰু ৰাজনৈতিক বিভাগ সামৰি লোৱা হৈছে। ইয়াৰ পৰবৰ্তী সময়ত আইন বিভাগ, ফাৰ্মাচেটিকেল চাইঞ্চ বিভাগ উপলব্ধ কৰা হৱ। এই কেম্পাচটো মুল বিশ্ববিদ্যালয়ৰ সমান মানদণ্ড আৰু সুবিধাৰে চলিব  আৰু ছাত্ৰ ছাত্ৰীসকলে ওদালগুৰিত বা কোকৰাঝাৰ যতে অধ্যয়ন কৰে একে কথা হব বুলি মন্তব্য কৰে।

বি টি আৰ চৰকাৰৰ এনে প্ৰচেষ্টাক আহুজাই শলাগ লয়। উদ্বোধনী কাৰ্যসূচীত  বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক সুভুং বসুমতাৰী, কাৰ্যবাহী সদস্য ড•  নিলোৎ স্বৰ্গীয়াৰী, এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী, মাধৱ চেত্ৰী,অৰ্পণা মেধি, বড়ো সাহিত্য সভাৰ সম্পাদক নিলকান্ত গয়াৰীৰ লগতে ভালেমান শিক্ষাবিদ, বিশিষ্ট নাগৰিকসকল উপস্থিত আছিল।

Niyomiya Barta Desk, 14 August, 2025

You might also like