নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক থিংক টেংকৰ ৱেবিনাৰলৈ গৌৰৱক আমন্ত্রণ

🔹 ভয়ংকৰ ৰূপত উন্মোচিত প্রদেশ কংগ্রেছৰ সভাপতিৰ পাকিস্তানপ্রীতি

নিউজ ডেস্ক, ১৬ আগষ্ট : গোপনে একাধিকবাৰ পাকিস্তান ভ্রমণ তথা চিৰবৈৰী ৰাষ্ট্রখনৰে পত্নীৰ সম্পর্কক লৈ চর্চা অব্যাহত থকাৰ মাজতে আন এক বিতর্কত সাঙোৰ খাই পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি তথা লোকসভাৰ কংগ্রেছ সংসদীয় দলৰ উপ–দলপতি গৌৰৱ গগৈ৷ অকল বিতর্কত সাঙোৰ খোৱাই নহয়, ভয়ংকৰ ৰূপত উন্মোচিত হৈছে সন্মানীয় যোৰহাট সংসদীয় সমষ্টিক লোকসভাত প্রতিনিধিত্ব কৰা গৌৰৱ গগৈৰ পাকিস্তানপ্রীতি৷

পেহেলগামৰ নৰসংহাৰৰ প্রত্যাঘাত ৰূপে ভাৰতীয় সেনাই চলোৱা অপাৰেচন সিন্দূৰৰ পিছত ভাৰতৰ ওপৰত সন্ত্রাসবাদৰ মদতপুষ্ট পাৰমাণৱিক আক্রমণ চলোৱাৰ ভাবুকি দি অহাৰ সময়তে বিস্ফোৰক খবৰটো হ’ল– পাক থিংক টেংকৰ দ্বাৰা আয়োজিত এখন অফলাইন ৱেবিনাৰলৈ আমন্ত্রণ লাভ কৰিছিল প্রদেশ কংগ্রেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে৷ ঘটনাটো বেছি দিনৰ নহয়, যোৱা ৫ আগষ্টত পাকিস্তানৰ উচ্চায়ুক্তৰ উদ্যোগত আয়োজিত ৱেবিনাৰখনত গৌৰৱ গগৈক আমন্ত্রণ জনোৱাৰ তথ্য পোহৰলৈ অহাৰ লগে লগে দেশজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ সমান্তৰালকৈ এই খবৰে ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষা আৰু নিৰাপত্তাৰ প্রতি সৃষ্টি কৰিছে তীব্র ভাবুকি৷

প্রাপ্ত খবৰ মতে, পাকিস্তানৰ উচ্চায়ুক্তই যোৱা ৫ আগষ্টত আয়োজন কৰিছিল ‘ইছলামিক ইতিহাস আৰু বিশ্ব সাহিত্যলৈ ইয়াৰ অৱদান’ শীর্ষক বিষয়টো সন্দর্ভত এখন ৱেবিনাৰ৷ এই ৱেবিনাৰখনলৈয়েই প্রদেশ কংগ্রেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক অন্যতম বক্তা হিচাপে আমন্ত্রণ জনোৱা হৈছিল৷ য’ত আন বক্তাসকল আছিল পাকিস্তানৰ গৱেষণা উচ্চ শিক্ষা প্রতিষ্ঠান নেচনেল ইউনিভার্ছিটী অৱ ছায়েঞ্চ এণ্ড টেকন’লজীৰ পৰা শান্তি আৰু সংঘাত অধ্যয়ন বিষয়ত পিএইচডি ডিগ্রীধাৰী ড০ ৰছিদ ৱালি জাঞ্জুৱা, পাকিস্তানী কূটনীতিবিদ মইন–উল হক আৰু পাক ইনষ্টিটিউট ফৰ পীচ ষ্টাডিজৰ যুটীয়া সঞ্চালক আব্দুল কায়ুম৷ নিজে গোপনে পাকিস্তান ভ্রমণ কৰা, পত্নীৰ চিৰবৈৰী ৰাষ্ট্রখনৰে সম্পর্ক, সন্তানৰ বিদেশী নাগৰিকত্ব আদি বিষয়সমূহে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা তথা এই সন্দর্ভত এছআইটিয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে প্রদেশ কংগ্রেছৰ সভাপতিজনৰ শেহতীয়া এই খবৰে কার্যতঃ দেশজুৰি ধুমুহাৰ সৃষ্টি কৰিছে৷ সাংসদৰ দৰে দায়িত্বপূর্ণ পদত কার্যনির্বাহ কৰি থকা গৌৰৱ গগৈৰ পাকিস্তানৰ উচ্চায়ুক্তৰ প্রতি প্রীতিক ধিক্কাৰ জনোৱাৰ সমান্তৰালভাৱে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে৷ বহুতে সামাজিক মাধ্যমযোগে তেওঁক গৰিহণা দিয়ে৷ সমগ্র বিষয়টোক লৈ এতিয়া চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like