স্বাধীনতা দিৱস
দেশবাসীৰ বাবে এক আৱেগ আৰু উদ্দীপনাৰ ক্ষণ৷ ১৫ আগষ্ট মানেই দেশপ্রেমৰ আৱেগ আৰু উৎসৱ উদযাপনৰ উদ্দীপনা৷ দেশৰ স্বাধীনতা আন্দোলনৰ গৌৰৱগাথাৰ স্মৰণৰ দিন৷ দেশে স্বাধীনতা লাভ কৰাৰ অতীতগাথাক সোঁৱৰণৰ সমান্তৰালকৈ স্বাধীনতাক উদযাপনৰ দিন৷ প্রায় দুশ বছৰীয়া ব্রিটিছ ঔপনিৱেশিক শাসনৰ পৰা ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ মুক্ত হৈছিল৷ কঠোৰ সংগ্রামৰ ফলশ্রুতিত ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে পৰাধীনতাৰ পৰা স্বাধীনতাৰ জয়গান গাবলৈ সুবিধা পাইছিল৷ ১৫ আগষ্টত দেশৰ স্বাধীনতা দিৱস উক্ত চনৰে পৰা উদযাপন কৰি আহিছে৷ ১৯৪৭ চনৰ ১৫ আগষ্টত আৰম্ভ হোৱা স্বাধীনতা দিৱসে এইবাৰ ৭৯সংখ্যক দিৱস উদযাপন কৰে৷ দেশৰ প্রতিটো প্রান্তত চৰকাৰীভাৱে এই দিৱস উদযাপন কৰা হয়৷ বেচৰকাৰীভাৱেও স্বাধীনতা দিৱস উদযাপিত হয়৷ ১৫ আগষ্টৰ দিনটোত দেশৰ আকাশে–বতাহে দেশপ্রেমৰ লহৰ উঠে৷ প্রতিগৰাকী ভাৰতীয়ই নিজকে স্বাধীন বুলি গৌৰৱ অনুভৱ কৰে৷ এই দিৱস উদযাপনৰ মূল লক্ষ্য হৈছে দেশক পৰাধীনতাৰ পৰা মুক্ত কৰা, ব্রিটিছ ঔপনিৱেশিক শাসনক ওফৰোৱাত স্বাধীনতা সংগ্রামত আত্মবলিদান দিয়া মহান ব্যক্তিসকলক সোঁৱৰণ আৰু তেওঁলোকৰ আত্মত্যাগক সন্মান প্রদর্শন কৰা৷ যিসকল মহান ভাৰতীয়ই কঠোৰ সংগ্রামৰ মাজেৰে দেশক স্বাধীনতাৰ পথ দেখুৱাইছিল সেইসকলৰ গৌৰৱগাথাক দেশৰ নৱপ্রজন্মক দাঙি ধৰা আৰু দেশবাসীয়ে ৰাষ্ট্রীয় বন্ধৰ দিনেৰে সেই মহান স্বাধীনতা সংগ্রামীক স্মৰণ কৰি আহিছে৷ দেশপ্রেমৰ গর্ববোধ আৰু ৰাষ্ট্রীয় একতাৰে দিনটো মহাধুমধামেৰে উদযাপন কৰি আহিছে৷ ত্রিৰংগ পতাকা উত্তোলনেৰে দেশৰ গৌৰৱ আৰু সার্বভৌমত্বক উজ্জীৱিত কৰি তোলা হয়৷ চৰকাৰী প্রতিষ্ঠানৰ পৰা বেচৰকাৰী–ব্যক্তিগত প্রতিষ্ঠান, দোকানে–পোহাৰে, ৰাস্তাই–ঘাটে আনকি যান–বাহনতো উৰে স্বাধীনতাৰ নিচান ত্রিৰংগা৷ পতাকা উত্তোলনৰ সমান্তৰালকৈ উঠে দেশপ্রেমমূলক গীতৰ লহৰ৷
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে দুশ বছৰীয়া ব্রিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈ সার্বভৌমত্ব লাভ কৰিছিল৷ স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে লালকিল্লাত ত্রিৰংগা উত্তোলন কৰি দেশবাসীক সংগ্রামৰ পৰা স্বাধীনতালৈ কণ্টকময় যাত্রা দাঙি ধৰিছিল৷ উক্ত দিনাৰে পৰা দেশৰ ইতিহাসত শোষণৰ পৰা সার্বভৌমত্বৰ নতুন যুগ আৰম্ভ হৈছিল৷ তেতিয়াৰে পৰা ঐতিহাসিক লালকিল্লাত প্রধানমন্ত্রীয়ে ত্রিৰংগা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰি আহিছে৷ সেই পৰম্পৰা অনুসৰিয়েই ৭৯সংখ্যক স্বাধীনতা দিৱসৰ ত্রিৰংগা উত্তোলন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰি প্রধানমন্ত্রীগৰাকীয়ে দেশৰ মহান স্বাধীনতা সংগ্রামীক সোঁৱৰণ কৰাৰ লগতে চৰকাৰৰ কর্মসূচী ৰূপায়ণ আৰু ভৱিষ্যৎ পৰিকল্পনাৰো আভাস দিয়ে৷ স্বাধীনতা দিৱসত পতাকা উত্তোলনৰ পূর্বে জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে মহান ভাৰতীয়সকলক সশ্রদ্ধাৰে স্মৰণ কৰে প্রধানমন্ত্রীয়ে৷ ২১ গান ছেল্যুটৰ লগতে ৰাষ্ট্রীয় সংগীত ‘জনগণ’ পৰিৱেশন কৰা হয়৷ ৭৯সংখ্যক স্বাধীনতা দিৱসতো পূর্বৰ বছৰবোৰৰ দৰেই দেশপ্রেমৰ ভাষণ আৰু ৰাষ্ট্রীয় একতাক উজ্জীৱিত কৰি তোলা হয়। ভাৰতৰ স্বাধীনতা সংগ্রামীৰ আত্মত্যাগ আৰু দেশৰ গতিশীল যাত্রাক ৰাষ্ট্রজুৰি প্রতিযোগিতাৰে উদ্ভাসিত কৰা হয়৷ কঠোৰ নিৰাপত্তাৰ মাজত ঐতিহাসিক লালকিল্লাত প্রধানমন্ত্রীয়ে ত্রিৰংগা উত্তোলন কৰাৰ লগে লগেই দেশৰ স্বাধীনতা দিৱস উদযাপনৰ এক বর্ষৰ সামৰণিৰে আন এক যাত্রাৰ আৰম্ভণি হ’ল৷ ব্রিটিছৰ শাসনৰ পৰা মুক্ত স্বাধীন ভাৰতত নাগৰিকৰ স্বাধীনতাক লৈও বাৰুকৈয়ে প্রশ্ণ উত্থাপন হৈ আহিছে৷ এই স্বাধীনতা যেন প্রকৃত ৰূপত দেশবাসীয়ে লাভ কৰা নাই তাক লৈও সময়ে সময়ে সমালোচনা হয়৷ স্বাধীনতাৰ ৭৮ বছৰৰ পিছতো স্বাধীন ভাৰতক লৈ প্রশ্ণ উত্থাপন হোৱাটো বিবেচনাৰ বিষয়৷ দেশে সঁচাকৈয়ে স্বাধীনতা পালেনে তাক লৈ প্রশ্ণ উত্থাপন হ’ব, ই হ’ব বিতর্কিত বিষয়৷ সকলো বিতর্কৰ ঊর্ধ্বত গৈ সার্বভৌম দেশৰ নাগৰিক হিচাপে প্রতিজন নাগৰিকে হয়তো স্বাধীনতা সংগ্রামীৰ আত্মবলিদান সোঁৱৰণ কৰি স্বাধীনতাৰ জয়গান গাব৷ ইয়েই যেন স্বাধীনতাৰ প্রতিচ্ছবি৷