নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাত দুটাকৈ নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ

🔹 দীৰ্ঘদিনে গড়আলি ভেৱাচুকত নাহৰফুটুকীৰ সন্ত্ৰাস
নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : অস্তিত্বহীন গেলেকী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্য আৰু বাসস্থানৰ সন্ধানত ওলাই অহা নাহৰফুটুকী বাঘৰ এটা জাকে আজি কিছুদিন ধৰি নাজিৰাৰ বিভিন্ন প্ৰান্তৰ লগতে গড়আলি ভেৱাচুকত সন্ত্ৰাস চলাই আহিছে । বাঘে খাদ্যৰ বাবে অঞ্চলটোৰ গোহালিৰ গৰু, গঁৰালৰ ছাগলী আদি নিধনেৰে ত্ৰাসৰ সৃষ্টি কৰি জনগণৰ নিদ্ৰাহৰণ কৰি আহিছিল। আজি পুৱাৰ ভাগতে অঞ্চলটোৰ এজন ব্যক্তিয়ে বাৰীলৈ বুলি ওলাই যাওঁতে কাষৰে হাবিত দুটাকৈ নাহৰফুটুকী বাঘৰ পোৱালি দেখা পাই কৌশলেৰে জাল পাতি ধৰি গাঁৱৰ মাজলৈ আনি ৰাইজক বাঘৰ সন্ত্ৰাসৰ প্ৰমাণ দাঙি ধৰে । স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বিহুবৰ খণ্ড বন বিভাগৰ বিষয়া- বনকৰ্মী যথাস্থানত উপস্থিত হৈ নাহৰফুটুকী বাঘৰ পোৱালি দুটাক বাঘিনীৰ কাষলৈ যাবৰ বাবে উক্ত স্থানতে মুকলি কৰি দিয়ে । ইফালে, দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰজাই সন্ত্ৰাস চলাই জনগণৰ নিদ্ৰাহৰণ কৰি অহা ঘটনাৰ পৰা পৰিত্ৰাণ বিচাৰি বাঘক পিঞ্জৰাবদ্ধ কৰাৰ বাবে বন বিভাগ তথা প্ৰশাসনক ৰাইজে দাবী জনাইছে । 
প্ৰেৰক নেকিব আহমেদ
You might also like