নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰ সীমান্তৰ বেকাজানত চোৰাং কাঠৰ ৰমৰমীয়া বেহা

🔹 নিশা গাঁওৰক্ষী বাহিনীয়ে ধৰি আৰক্ষীক গতালে কাঠৰ কুণ্ডাভৰ্তি ট্ৰেক্টৰ
নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তৰ বেকাজান আৰক্ষী আৰু তিতাবৰৰ বন বিভাগৰ সোপাঢিলা নীতিৰ পৰিপ্ৰেক্ষিতত নিশাৰ সুযোগত অব্যাহত আছে চোৰাং কাঠৰ সৰবৰাহ। ১৪ আগষ্টৰ নিশা বেকাজান আৰক্ষী চকীৰ অন্তৰ্গত ভেলৌগুৰি মিচিং গাঁৱৰ এটা গাঁওৰক্ষী বাহিনীৰ দলে চোৰাং কাঠভৰ্তি এখন ট্ৰেক্টৰ ধৰি আৰক্ষীক গতোৱাৰ পিছতে অঞ্চলটোত অব্যাহত থকা চোৰাং কাঠ সৰবৰাহৰ কথা‌ স্পষ্ট হৈ পৰিছে।
তথ্য অনুসৰি, নগাবাটৰ পানীখেতি এলেকাৰ পৰা বেকাজানৰ ভেলৌগুৰি গাঁৱৰ মাজেৰে নিশাৰ সুযোগত কাঠখিনি তিতাবৰ ডাংধৰালৈ নিয়াৰ চেষ্টা কৰিছিল। নিশা ৮ মান বজাত ভেলৌগুৰিৰ গাঁওৰক্ষী বাহিনীয়ে গাড়ীখন ৰখাই সোধা-পোছাৰ অন্তত বেকাজান আৰক্ষীক গতাই দিয়ে। ভেলৌগুৰিৰ ৰাইজৰ পৰা জানিব পৰা মতে প্ৰতিনিশা সেই পথেৰে এনেদৰে চোৰাং কাঠভৰ্তি গাড়ী যায়। ১৩ আগষ্টৰ নিশাও ১০ মান বজাত চোৰাং কাঠ লৈ গাড়ী পাৰ‌ হৈছিল।
উল্লেখ্য যে তিতাবৰ সীমান্তত অবাধ বনধ্বংস চলোৱা একাংশ চোৰাং কাঠ বেপাৰীৰ কাৰুকাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত স্থানীয় আৰক্ষী, বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। অনুমতিসাপেক্ষে ‘চি’ ক্লাছ কাঠ সৰবৰাহৰ নামতো একাংশ চতুৰ কাঠ বেপাৰীয়ে কৌশলেৰে কোটি কোটি টকাৰ বহু মূল্যৱান গছ কাটি তহিলং কৰিছে। নগাবাট, বেকাজানৰ মূল পথসমূহ এৰি গাঁৱৰ ভিতৰুৱা পথেৰে চোৰাং কাঠৰ সৰবৰাহ কাৰ্য অব্যাহত থকা বুলি এক সূত্ৰই সদৰী কৰিছে। চোৰাং কাঠৰ বেহা ৰোধত আৰক্ষী আৰু তিতাবৰৰ বন বিভাগৰ নৰম স্থিতিক ৰাইজে সন্দেহৰ চকুৰে চাইছে। চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ পদক্ষেপ ল’বলৈ প্ৰশাসনক ৰাইজে দাবী জনাইছে।

প্ৰেৰক অজয় শইকীয়া

You might also like