নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছআইৰ হৈ চোৰাংচোৱাগিৰি : ইউটিউবাৰ জ্যোতি মালহোত্রাৰ বিৰুদ্ধে ২,৫০০ পৃষ্ঠাৰ চার্জশ্বীট

নিউজ ডেস্ক, ১৭ আগষ্ট : পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ হৈ চোৰাংচোৱাগিৰি কৰি দেশৰ অতি গুৰুত্বপূর্ণ তথ্য যোগান ধৰাৰ অপৰাধত গ্রেপ্তাৰ কৰা ইউটিউবাৰ জ্যোতি মালহোত্রাৰ বিৰুদ্ধে ২,৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে হাৰিয়ানাৰ আৰক্ষীয়ে৷

পাকিস্তানী এজেণ্টে জ্যোতি মালহোত্রাক টুলকীট হিচাপে ব্যৱহাৰ কৰি নিয়মীয়াভাৱে দেশৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অতি গোপন তথ্য সংগ্রহ কৰি আছিল বুলি অভিযোগনামাত উল্লেখ কৰিছে আৰক্ষীয়ে৷ নিয়মীয়াকৈ পাকিস্তানী চোৰাংচোৱা সংস্থাই জ্যোতি মালহোত্রাৰ সৈতে যোগাযোগ ৰক্ষা কৰিছিল বুলিও উল্লেখ আছে চার্জশ্বীটত৷ পাকিস্তান ভ্রমণৰ সময়ত ইউটিউবাৰ মালহোত্রাই আইএছআইৰ সৈতে দেশখনৰ বিভিন্ন স্থান ভ্রমণ কৰাৰো বিভিন্ন তথ্য সন্নিৱিষ্ট কৰা হৈছে৷ ফোনকলৰ পৰা বিভিন্ন ডিজিটেল তথ্যও সাক্ষ্য হিচাপে সন্নিৱিষ্ট কৰিছে আৰক্ষীয়ে৷

You might also like