নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : নগাঁও জিলাৰ বটদ্ৰৱাৰ উত্তৰে অৱস্থিত ডুমডুমীয়া আৰক্ষী চকীৰ নিচেই সমীপৰ ডুমডুমীয়া পূজাবাৰীৰ যুৱক প্ৰদীপ দাস (৪৫)ৰ আজি পুৱা ৮ বজাত আকস্মিকভাৱে হোৱা মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ ডুমডুমীয়া-বালিসত্ৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলায়।
জানিব পৰা মতে, যুৱকজনে পূজাবাৰীৰে অন্য এজন যুৱকৰ সৈতে আজি মনসা পূজাৰ বাবে প্ৰয়োজনীয় ভেটফুল বিচাৰি গৈ পুৱাই জাৰামাৰীৰ এটা দ পুখুৰীত নামে যদিও পুখুৰীটো বেছি দ হোৱা বাবে যুৱকজন পানীত সোমাই পৰি আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয়। স্থানীয় ৰাইজে জনোৱা মতে, ভেট ফুলেই কাল হ’ল যুৱকজনৰ।
পিছত স্থানীয় ডুমডুমীয়া আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ লৈ যায়। মৃত্যুৰ সময়ত যুৱকজনে মাতৃ, ভাতৃ, পত্নী, পুত্ৰ আৰু পৰিয়ালবৰ্গক ইহসংসাৰত এৰি যায়।
প্ৰেৰক মাণিক বৰা