প্ৰধানমন্ত্ৰী মোডীয়ে দুখীয়া মহিলাক ধন্যবাদ জ্ঞাপন কৰিলে কিয়?
নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰত এখন ফটো ৰিটুইট কৰিছে। দৰাচলতে প্ৰধান মন্ত্ৰী মোডীয়ে যিখন ফটো ৰিটুইট কৰিছে সেই খন ফটো এগৰাকী দুখীয়া বয়োজ্যেষ্ঠ মহিলাৰ ফটো যি গৰাকীয়ে নিজৰ অস্থায়ী গৃহৰ পৰা বাহিৰলৈ ওলাই কাঁহী বজাই থকা দেখা গৈছে। প্ৰধান মন্ত্ৰী মোডীয়ে এই মহিলা গৰাকীক ক’ৰোনাৰ বিৰুদ্ধে হোৱা যুদ্ধত সমৰ্থন দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটাৰত লিখিছে আহক এই মাতৃৰ গৰাকীৰ ভাৱনাক আদৰ কৰো আৰু ঘৰতে থাকো। তেওঁ আমাক বাৰ্তা দিছে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা ২২ মাৰ্চত জনতা কাৰ্ফিউৰ আহ্বান জনাইছিল আৰু আবেলি ৫ বজাত হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছিল, যি সকল লোকে জৰুৰী সময়তো নিজৰ কৰ্ম কৰি আছে সেই সকল লোকৰ সন্মানৰ্থে।