এবাৰ দুবাৰ নহয় ৪বাৰকৈ এখন শিক্ষানুষ্ঠানত চুৰিকাণ্ড, পিছে ক’ত আছে এই স্কুলখন
মহানগৰীৰ ফটাশিলত চুৰিকাণ্ড ৰ ঘটনা। এইবাৰ চুৰি কাণ্ড শিক্ষানুষ্ঠানত। এবাৰ দুৱাৰ নহয় চাৰি (৪)বাৰকৈ চুৰিকাণ্ড শিক্ষানুষ্ঠানখনত। ফটাশিলৰ আমবাৰী উচ্চতৰ বিদ্যালয়ত চুৰি কাণ্ডৰ লগতে সকলো সামগ্ৰী লণ্ড ভণ্ড কৰি থৈ গ’ল।
পুৱাৰ ভাগতে চোৰে কৰিলে চুৰি কাণ্ড। কেনেকৈ চোৰে প্ৰধান শিক্ষকৰ কোঠাত প্ৰৱেশ CCTVত বন্দী হৈছে। লৈ গ’ল মাত্ৰ বিদ্যালয়খনৰ ঘন্টাটো। বিদ্যালয়খনত ৪বাৰকৈ চুৰি কাৰ্য ঘটনা সংঘটিত হৈছে।
ঘটনাস্থলীত ফটাশিল আৰক্ষী উপস্থিত হয় আৰু থানাত বিদ্যালয়খনৰ প্ৰধান শিক্ষকে এজাহাৰ দাখিল কৰে।
Niyomiya Barta Desk, 18 August, 2025