বিশেষ বাৰ্তা, ১৮ আগষ্ট : ডবকাত অন কেমেৰা গাঁওবুঢ়াৰ ধন সংগ্ৰহ ৷ সততে গাঁওবুঢ়াগৰাকীৰ বিৰুদ্ধে উঠি অহা অভিযোগ সত্য প্ৰমাণিত হ’ল! সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ডবকাৰ গাঁওবুঢ়া মৃদুল লস্কৰৰ ধন সংগ্ৰহৰ এক দৃশ্য৷
উত্থাপিত অভিযোগ অনুসৰি, ডবকাত প্ৰমাণ-পত্ৰ প্ৰদানৰ নামত গাঁওবুঢ়া মৃদুল লস্কৰে চলাইছে মুকলি বজাৰ৷ কালি একাংশ সংবাদ মাধ্যমত SIRৰ গইনা লৈ একাংশ গাঁওবুঢ়া আৰু দালালে ধন সংগ্ৰহ কৰাৰ বাতৰি সম্প্ৰচাৰ হৈছিল ৷ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ডবকাৰ গাঁওবুঢ়া মৃদুল লস্কৰৰ ধন সংগ্ৰহৰ দৃশ্যই ভিন্ন সময়ত উঠি অহা অভিযোগক সত্য প্ৰমাণিত কৰিলে।
দৃশ্যত দেখা গৈছে যে নিজ ডবকা, ডবকা টাউন আদি কেইবাখনো গাঁৱৰ দায়িত্বত থকা গাঁওবুঢ়া মৃদুল লস্কৰে কিদৰে নিজ কাৰ্যালয়ত বহি লিখি গৈছে প্ৰমাণ-পত্ৰ আৰু কাষতে বহি তেওঁৰ ভতিজাই সংগ্ৰহ কৰিছে ধন ৷
অৱশ্যে ধন সংগ্ৰহৰ দৃশ্য ভাইৰেল হোৱাৰ পিছতে আৱেগিক হৈ পৰে গাঁওবুঢ়া মৃদুল লস্কৰ৷ কোনোবাই চাহ খাবলৈহে ভতিজাৰ হাতত কিবা এটা দিয়া বুলি স্বীকাৰ কৰে গাঁওবুঢ়াজনে৷
ইফালে, ঘটনাটো পোহৰলৈ অহাৰ লগে লগে হোজাইৰ আয়ুক্তই গাঁওবুঢ়া মৃদুল লস্কৰক জৰুৰীভাৱে তলব কৰা বুলি জানিব পৰা গৈছে ৷