নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰছলাৰ কঠলুপথাৰ গাঁৱৰ ৰাইজৰ বিপদসংকুল যাতায়াত, ভয়ানক দুৰ্ঘটনাৰ আশংকা, কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ

বিশেষ বাৰ্তা, ১৮ আগষ্ট : বৰছলা সমষ্টিৰ কঠলুপথাৰ গাঁৱৰ ৰাইজে বিপদসংকুল যাতায়াত কৰিবলগীয়া হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত ৷ উল্লেখ্য যে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেলশিৰি ৰে’ল ষ্টেচনলৈ যোৱা মূল পথৰ মাজত অৱস্থিত কঠলুপথাৰ গাঁৱৰ গড়জুলি নদীৰ ওপৰত নিৰ্মাণ কৰা পকী দলঙৰ এটা মূৰ গড়জুলি নৈৰ প্ৰচণ্ড খহনীয়াই খহাই নিয়াত বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে। তদুপৰি যিকোনো মুহূৰ্ততে ব্যাহত হৈ পৰিব পাৰে যাতায়াত ব্যৱস্থা ৷ সংঘটিত হ’ব পাৰে ভয়ানক দুৰ্ঘটনা ৷ তথাপি কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক গণেশ কুমাৰ লিম্বুৰ ৷

মন কৰিবলগীয়া যে আজিৰ পৰা দুমাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল কঠলুপথাৰৰ গড়জুলি নদীৰ ওপৰত পকী দলঙৰ খহনীয়াগ্ৰস্ত এটা মূৰ ৷ কিন্তু দুমাহ পাৰ নৌহওঁতেই নৈৰ কোবাল সোঁতত উটি গ’ল নিৰ্মাণ কৰা অংশ। অতি নিম্নমানৰ কাম কৰাৰ ফলতেই নৈৰ খহনীয়াত নৱনিৰ্মিত দলঙৰ এটা অংশ জাহ যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ এজাক ধাৰাসাৰ বৰষুণ আহিলেই পথছোৱাৰে বিঘ্নিত হৈ পৰিব যাতায়াত ব্যৱস্থা। স্থানীয় ৰাইজে শীঘ্ৰে খহনীয়াৰ কবলত পৰা পকী দলংখন মেৰামতি কৰি ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক গণেশ লিম্বুক দাবী জনাইছে ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like