নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Nandita Case : নন্দিতা হত্যাকাণ্ডৰ সম্পূৰ্ণ পৰিক্ৰমা

Nandita Case : অৱশেষত বহু অপেক্ষাৰ অন্তত  ৰাজ্য কপোঁৱা ধেমাজিৰ কলেজীয়া ছাত্ৰী নন্দিতা শইকীয়াৰ  নৃশংস হত্যাকাণ্ডৰ নায়ক ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰে আজি দণ্ডিত কৰে ধেমাজি সত্ৰ ন্যায়িক দণ্ডাধীশ আদালতে ৷ যোৱা ২০২১ ৰ ২১ আগষ্টত ঘাতক ৰিণ্টু শৰ্মাৰ দাৰ ঘাপত  অকালতে মৃত্যুক সাৱটি লোৱা তথা  অসমবাসীৰ মন – মগজু জোকাৰি যোৱা সেই হত্যাকাণ্ডৰ চাৰি বছৰৰ অন্তত নৃশংসতাৰ বলি হোৱা  আজিৰ  ২১ আগষ্টৰ দিনটোতে  আদালতে ভাৰতীয় দণ্ডবিধি  ৩৪১/ ৩২৬/ ৩০৭/ ৩০২ ৰ অধীনত  এক ঐতিহাসিক ৰায়ৰ জৰিয়তে সেই নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰী তথা ধেমাজি মৰিঢল মহাবিদ্যালয়ৰ গ্ৰন্হাগাৰৰ তদানীন্তন কৰ্মচাৰী ৰিণ্টু শৰ্মাক মৃত্যদণ্ডৰে  দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰে ৷
কেনেকৈ সংঘটিত হৈছিল সেই লোমহৰ্ষক হত্যাকাণ্ড 
লক্ষীমপুৰ জিলাৰ বৰ্তমান ঢকুৱাখনা সম জিলাৰ নৱকাঠৰবাৰী গাঁৱৰ নবীন শইকীয়া আৰু জোনালী শইকীয়াৰ ষোড়শী জীয়ৰী নন্দিতা শইকীয়াই অধ্যয়ন কৰিছিল ধেমাজি মৰিঢল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষত ৷ প্ৰচুৰ মেধাৱী আৰু সম্ভাৱনাপূৰ্ণ নন্দিতাই ঘটনাৰ দিনা মৰিঢল মহাবিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ  সহপাঠী কাশ্মিনা দত্ত আৰু তেওঁৰ পিতৃ দেৱ কুমাৰ দত্তৰ সৈতে মহাবিদ্যালয়ৰ পৰা  একেলগে ঘৰলৈ ঘূৰি আহি ধেমাজি নগৰত কিছু সময় জিৰণি লোৱাৰ মানসেৰে ধেমাজি ৰাজ্যিক পৰিৱহণ নিগমৰ বিপৰীতে থকা ড্ৰাগ হাউচ নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত ৰওঁতে হঠাতে ঘাতক ৰিণ্টু শৰ্মাই মৰিঢল মহাবিদ্যালয়ৰ পৰা  পিছে পিছে অনুসৰণ কৰি আহি দিনদুপৰতে দুৰ্ভগীয়া নন্দিতা শইকীয়াৰ মূৰ আৰু শৰীৰৰ অন্যান্য অংশত উপৰ্যুপৰি এখন চোকা খামতি দাৰে আক্ৰমণ কৰাত নন্দিতা হঠাতে ধৰাশায়ী  হৈ পৰে ৷ একেসময়তে পাষণ্ড ৰিণ্টুৱে কেৱল নন্দিতাকে নহয় তেওঁৰ সৈতে একেলগে থকা বান্ধৱী কাশ্মিনা দত্ত আৰু কাশ্মিনাৰ পিতৃ দেৱ দত্তকো  চোকা দাখনেৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে ৷ ইফালে তেজেৰে লুতুৰি পুতুৰি হৈ পৰা নন্দিতা শইকীয়াৰ গুৰুতৰ অৱস্হা দেখি সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা কিছু সংখ্যক স্হানীয় ৰাইজে তড়িৎগতিত নন্দিতাক উদ্ধাৰ কৰি  ধেমাজি অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰায়  যদিও নন্দিতাৰ  শৰীৰৰ গুৰুতৰ জখম  অৱস্হালৈ লক্ষ্য কৰি চিকিৎসকে ততালিকে  ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ৷ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত ৫ দিনধৰি আই চিউত চূড়ান্তভাৱে সংজ্ঞাহীন হৈ  জীৱন-মৃত্যুৰ সৈতে  অহৰহ যুদ্ধ কৰি অৱশেষত ২৫ আগষ্টত  নন্দিতাই শ শ শুভাকাংক্ষী আৰু পিতৃ-মাতৃ  তথা অজস্ৰ আত্মীয় স্বজনক কন্দোৱাই চিৰদিনলৈ পৃথিৱীৰ পৰা বিদায় লয় ৷
প্ৰতিবাদেৰে মুখৰিত হৈছিল ধেমাজি 
মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ অমানবীয় নৃশংস ঘটনাৰ পিছতে প্ৰতিবাদেৰে মুখৰিত হৈ পৰিছিল সমগ্ৰ ধেমাজি জিলা ৷ নিজে  অধ্যয়ন কৰা মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে  জিলাখনৰ সকলো শিক্ষানুষ্ঠানৰ শ শ ছাত্ৰ-ছাত্ৰী, মহিলা সমাজ তথা ধেমাজিবাসী স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি হত্যাকাৰী ৰিণ্টু শৰ্মাৰ  ফাঁচীৰ দাবীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমান্তৰালভাৱে আছুকে ধৰি দল-সংগঠন, শুভাকাংক্ষী ব্যক্তি, ছাত্ৰ সমাজে নন্দিতাৰ সুস্হ কামনা কৰি ধূপ , চাকি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি ৰক্ত দান আৰু আৰ্থিক বৰঙণিৰে দুৰ্ভগীয়া নন্দিতা শইকীয়াৰ পৰিয়ালক সহায় কৰিছিল ৷ ইপিনে এপষেক ধৰি ধেমাজি জিলা ছাত্ৰ সন্হা , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, আটাছু, জাতীয়তাবাদী যুৱ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে বহুকেইটা প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ণ কৰি পাষণ্ড ৰিণ্টু শৰ্মাক দৃষ্টামূলক শাস্তি  দিবলৈ সবল দাবী জনায় ৷ তেনে নাৰকীয় কাণ্ড যাতে কোনেও পুনৰ সংঘটিত কৰিব নোৱাৰে তাৰ বাবেও ফাঁচীৰ দৰে শাস্তি বিহাৰ দাবী  উত্থাপন কৰে৷ অৱশেষত ব্যাপক প্ৰতিবাদ আৰু দাবীৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে নন্দিতা শইকীয়া কাণ্ডৰ গোচৰ  ফাষ্টট্ৰেক আদালতত চলাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
ঘাতক ৰিণ্টু শৰ্মাক খেদি খেদি ধৰিছিল ৰাইজ – আৰক্ষীয়ে
উল্লেখযোগ্য যে  প্ৰেমজনিত কাৰণৰ বাবে হত্যাকাৰী ৰিণ্টু শৰ্মাই ঘটনা  সংঘটিত কৰিয়ে  হাতত চোকা দাখন লৈ দিন – দুপৰতে নগৰৰ পূৱ দিশে দৌৰি দৌৰি পলাবলৈ চেষ্টা  কৰে ৷ ইফালে উন্মাদ ৰিণ্টুক ধৰিবলৈ নগৰৰ ৰাইজ আৰু আৰক্ষীয়ে পিছে পিছে খেদি গৈ সাহস তথা বুদ্ধিৰে  এজোপা বাঁহ গছৰ তলৰ পৰা  কথমপি নৰখাদক ৰিণ্টু শৰ্মাক ধৰিবলৈ সক্ষম হয় ৷
৪২০ পৃষ্ঠাৰ চাৰ্জশ্বিট  দাখিল  ধেমাজি আৰক্ষীৰ 
ৰাজ্য কঁপোৱা এই লোমহৰ্ষক ঘটনাৰ বিৰুদ্ধে ধেমাজি সদৰ আৰক্ষী থানাই  ৩৯৭ / ২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি তদানীন্তন  ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ  শৰ্মা আৰু আৰক্ষী বিষয়া নেকিব আহমেদে ঘটনাটোৰ ব্যাপক তদন্ত আৰম্ভ কৰে আৰু দোষী ৰিণ্টু শৰ্মাই যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য কৰি ৪২০ পৃষ্ঠাৰ এখন বৃহৎ চাৰ্জশ্বিট ঘটনাটো  সংঘটিত হোৱাৰ  ৩৬ দিনৰ পিছত আদালতত দাখিল কৰে ৷ উক্ত চাৰ্জশ্বিট আৰু ৪১ জন সাক্ষীৰ সাক্ষ্যদানৰ ভিত্তিত ধেমাজিৰ অধিৱক্তা অজয় ফোগলাৰ ওকালতিত কল্যাণজিত শইকীয়াৰ আদালতে  ঘাতক ৰিণ্টু শৰ্মাক সুদীৰ্ঘ চাৰিবছৰ  আইনী যুঁজৰ অন্তত মৃত্যুদণ্ডৰে আজি দণ্ডিত কৰে ৷
ঐতিহাসিক ৰায়ক ধেমাজিৰ ছাত্ৰ সংগঠন – ৰাইজৰ আদৰণি 
এগৰাকী মেধাৱী ছাত্ৰী তথা পৰিয়ালটোৰ সপোন নিমিষতে তচনচ কৰি পেলোৱা ৰকীয় হত্যাকাণ্ডটোৰ  খলনায়ক ৰিণ্টু শৰ্মাক মৃত্যদণ্ডৰে দণ্ডিত কৰা ৰায়ক ব্যাপকভাৱে আদৰণি জনাইছে ধেমাজিৰ ছাত্ৰ সংগঠন তথা ধেমাজিবাসীয়ে ৷ ধেমাজি জিলা ছাত্ৰ সন্হাৰ সভাপতি  সঞ্জীৱ দাস, সম্পাদক জয়ন্ত বৰগোহাঁই, ধেমাজি জিলা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ভাস্কৰ বুঢ়াগোহাঁই, সম্পাদক  ৰঞ্জন বৰা , ধেমাজি জিলা আটাছুৰ সভাপতি বাবুল বুঢ়াগোহাঁই, সম্পাদক পংকজ বৰগোহাঁই, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জল চুতীয়া , ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শীৰ্ষ নেতা নাৰায়ণ বৰাকে ধৰি বিভিন্ন দল-সংগঠন, মৰিঢল মহাবিদ্যালয়ৰ পৰিয়াল, ধেমাজিবাসীয়ে আদৰণি জনাই আদালতক ধন্যবাদ জ্ঞাপন কৰে আৰু আদালতৰ এই ৰায়ে নন্দিতা শইকীয়াৰ দুৰ্ভগীয়া পৰিয়ালটিক কিছু পৰিমাণে হ’লেও শান্ত্বনা দিব বুলি মন্তব্য কৰে ৷
ধেমাজিৰ পৰা দীপেন ভিতৰুৱাল কোঁৱৰ , ২১ আগষ্ট 
You might also like