Mangaldoi News : উপস্থিত বুদ্ধিৰে সোপাধৰাৰ হাতৰ পৰা কথমপি ৰক্ষা ছাত্ৰী
Mangaldoi News : বিগত এক সপ্তাহ ধৰি মঙলদৈৰ একাংশ বিদ্যালয়ত চলিছে সোপাধৰাৰ আতংক। মঙ্গলদৈ ডনবস্কো হাইস্কুলৰ তৰফৰ পৰা অভিভাৱকসকলক কৰা হৈছিল সাৱধান। কিন্তু তাৰ মাজতে কালি সংঘটিত এক অবাঞ্ছিত ঘটনা।
মুখত কলা কাপোৰ বন্ধা এজন লোকে এগৰাকী ষষ্ঠ মানৰ ছাত্ৰীক বাপেকে নিব দিয়া বুলি কৈ হাতত ধৰি টানি লৈ যাব ওলাইছিল। সচেতন ছাত্ৰীগৰাকীয়ে কথাটো নিজে অহা যোৱা কৰা ভেনখনৰ চালকক অৱগত কৰে। চালকজন আহি সেই সন্দেহজনক লোকজনক দেখা নাপালে।
এই সমগ্ৰ ঘটনা বিদ্যালয়ৰ অধ্যক্ষক অৱগত কৰা হয়। অধক্ষ্যই আৰক্ষীক অৱগত কৰে যদিও কোনো ফল পোৱা নাই। অন্যহাতে আন একাংশ অভিভাৱকে ধূলা থানাত পূৰ্বেই সন্দেহজনক লোকে স্কুল ভেনৰ পিছ লোৱাৰ কথা অৱগত কৰিছিল।
তথাপি দৰং আৰক্ষী সজাগ হোৱা নাই। এতিয়া আতংকিত অভিভাৱকসকলে আৰক্ষীৰ নিষ্ক্ৰিয়তাক ধিক্কাৰ দিছে।
Niyomiya Barta Desk, 22 August