নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুমেৰাং হ’ল নাজিৰাৰ ঐতিহাসিক ৰাজগড়-লাকুৱা পথ নিৰ্মাণ আঁচনি

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট :  সম্প্ৰতি ৰাজ্যৰ লোকনিৰ্মাণ (পথ) বিভাগৰ কাম-কাজক লৈ ক্ষোভ উজাৰিছে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাই। নাজিৰা সমজিলাৰ ঐতিহাসিক ধোদৰ আলিৰ পৰা লাকুৱালৈ সংযোগী ইতিহাস প্ৰসিদ্ধ ৰাজগড় আলিটো অতি বিধ্বস্ত হৈ পৰাত জনগণে যমৰ যাতনা ভোগ কৰি অহাত বিগত সময়ৰ দৰে চলিত বৰ্ষৰ ২৪ মে’ত শিমলুগুৰি আৰু লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আছু আৰু ৰাইজে পথটো বিজ্ঞানসন্মতভাৱে পুনৰ নিৰ্মাণৰ দাবীত পথ অৱৰোধৰ দৰে চৰম প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । সেই সময়ত পথটোৰে মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম, অইল ইণ্ডিয়া লিমিটেডকে ধৰি আন আন প্ৰতিষ্ঠানৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিয়াৰ ফলত প্ৰতিবাদকাৰীক সৈমান কৰিবলৈ দুয়োটা ঔদ্যোগিক প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়া, চৰাইদেউ জিলা লোকনিৰ্মাণ (পথ) বিভাগৰ শীৰ্ষ বিষয়া আৰু চৰাইদেউৰ লগতে শিৱসাগৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ দল প্ৰতিবাদস্থলীত উপস্থিত হৈ এসপ্তাহৰ ভিতৰত পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
কিন্তু এই বিষয়াসকলৰ প্ৰতিশ্ৰুতিও বুমেৰাং হৈ পৰিল । ইয়াৰ পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, বিধায়ক সুশান্ত বৰগোহাঁইসহ শাসকীয় দলৰ নেতা-পালিনেতাই পথটো পৰিভ্ৰমণ কৰি শীঘ্ৰে নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে জনগণ আৰু আছুৰ নেতৃত্বক । সেই প্ৰতিশ্ৰুতি মৰ্মে অসম চৰকাৰৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন শিতানৰ পৰা অনুমোদিত ৩৯০.৫২ লাখ টকা ব্যয়েৰে গড়মূৰ চাৰিআলিৰ পৰা লাকুৱালৈকে মুঠ ১১.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো পুনৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপনেৰে শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই । ১৩ জুলাইত আধাৰশিলা কৰা সময়ত মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন আৰু বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিত থাকি এমাহৰ ভিতৰতে পথটো নিৰ্মাণৰ কাম সম্পন্ন হ’ব বুলি ঘোষণা কৰে । কিন্তু চৰম পৰিতাপৰ বিষয় যে পথটো নিৰ্মাণৰ নামত সংশ্লিষ্ট ঠিকাদাৰে দুই-এটা পুখুৰীসদৃশ দ গাতত মাটি মিহলি শিল পেলায়েই দায়িত্ব সামৰিলে । যাৰ ফলত চৰকাৰী আবণ্টিত ধন হৰলুকী হোৱাৰ পথ প্ৰশস্ত হ’ল আৰু জনগণে যাতায়াতৰ ক্ষেত্রত যমৰ যাতনা ভোগ কৰিয়েই থাকিল । অথচ লোকনিৰ্মাণ (পথ ) বিভাগ, মন্ত্ৰী, বিধায়ক তথা চৰকাৰী পক্ষই সংশ্লিষ্ট ঠিকাদাৰক ব্লেকলিষ্টেড কৰিবলৈ সাহস কৰিব পৰা নাই ।
উক্ত আবণ্টিত ধনৰ উপৰি বিগত ২০১৯ বৰ্ষত তেতিয়াৰ অসম চৰকাৰৰ গড়কাপ্টানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে স্থানীয় লোকসভাৰ তেতিয়াৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা  আৰু মন্ত্রী যোগেন মহনৰ উপস্থিতিত ঐতিহাসিক ৰাজগড়-লাকুৱা পথটো পুনৰ নিৰ্মাণৰ বাবে ২০১৯ বৰ্ষৰ ৮ মাৰ্চত আধাৰশিলা স্থাপন কৰিছিল । নাগিনীমৰা জাজলি পথৰ তিনিটা অংশ আৰু ধোদৰ আলি সংযোগী ৰাজগড় পথটোকে ধৰি মুঠ ১০০৪.০৩ লাখ টকা অসম চৰকাৰৰ ২০১৮-১৯ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন শিতানৰ আবণ্টিত ধনেৰে নিৰ্মাণ হ’বলগীয়া পথ আজিও নিৰ্মাণ নহ’ল । এই ১০০৪.০৩ লাখ চৰকাৰী ধন ক’ত হৰলুকী হ’ল সেয়া ৰহস্যৰ বিষয় হৈ পৰিছে ।
বৰ্তমান দুবাৰকৈ আবণ্টিত ধনেৰে নিৰ্মাণ হ’বলগীয়া আৰু মন্ত্রী তথা জনপ্ৰতিনিধিয়ে দুবাৰকৈ আধাৰশিলা স্থাপন কৰা এই ৰাজগড় পথটো নিৰ্মাণৰ কাম নোহোৱাত সৰৱ হৈ পৰিছে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা। এসপ্তাহৰ ভিতৰত যদি পথটো বিজ্ঞানসন্মতভাৱে পুনৰ নিৰ্মাণৰ ব্যৱস্থা নকৰে তেন্তে ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত অনিৰ্দিষ্ট কাললৈ ৰাজগড়-লাকুৱা পথটো বন্ধৰ দৰে চৰম কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাই সংবাদ মাধ্যমৰ যোগেদি হুংকাৰ প্ৰদান কৰিছে।
প্ৰেৰক নেকিব আহমেদ
You might also like