অসমীয়া জাতিৰ সমান পিকনিক খোৱা জাতি ভাৰতবৰ্ষ নালাগে পৃথিৱীতে নাই
Dhakuwakhana News : ঢকুৱাখনা মহাবিদ্যালয়ৰ নৱাগত সামৰণী সভা সম্পন্ন হৃষিকেশ গোস্বামী
আমাৰ চিন্তা আৰু কৰ্মপ্ৰেৰণাৰ ওপৰত ভবিষ্যত নিৰ্ভৰ কৰে। মানৱ সেৱাই উৎকৃষ্ট সেৱা। মানুহ হিচাপে মানুহৰ সেৱা কৰিব পৰাটো আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ অৰ্থ।এজন লোক উচ্চ শিক্ষাৰে শিক্ষিত হৈ সমাজত ধনী ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে সমাজ আৰু জাতিৰ বিশেষ উন্নতি সাধন নহয়। যদিহে লোকজনৰ সামাজিক দায়বদ্ধতা আৰু মানৱতা নাথাকে। আম্বানী -আদানীৰ নিচিনা লোকসকলে লাহ-বিলাসত যিমান টকা ব্যয় কৰে,তাৰ আধাও যদি শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ বাবে খৰছ কৰিলেহেঁতেন তেন্তে ভাৰতৰ অৱস্থা সলনি হৈ গ’লহেঁতেন- এই মন্তব্য অসম শিশু সাহিত্য ন্যাসৰ প্ৰধান সচিব হৃষিকেশ গোস্বামীৰ।
ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ ৫৯ সংখ্যক নৱাগত আদৰণী সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখি গোস্বামীয়ে এইদৰে কয়। লগতে কয় যে,জীৱনত টকা -পইচাই সকলো নহয়। জ্ঞান -প্ৰজ্ঞা ,বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ দিশতো চহকী হ’ব লাগিব। প্ৰত্যেক ল’ৰা -ছোৱালীয়ে এক আশা লৈ শিক্ষা জীৱন আৰম্ভ কৰে।কৃত্ৰিম বুদ্ধিমত্তা মূল্যবোধ আৰু মানৱতাৰ উন্নতিৰ বাবে এটা জাতিৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰিব লাগিব।
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গানৰ উদ্ধৃতিৰে নতুন পূৰুষসকলক ভিৰু-কাপূৰুষ নহ’বলৈ আহ্বান জনায়।ভাষণ প্ৰসংগত হৃষিকেশ গোস্বামীয়ে কয় যে-সৃষ্টিকৰ্তাই জগতৰ সকলো বস্তু সুন্দৰ ভাৱেই কৰে। কিন্তু আমি মানৱ জাতীয়ে সেই সুন্দৰতা ধ্বংস কৰি আহিছোঁ। অসমীয়া জাতিৰ সমান পিকনিক খোৱা জাতি ভাৰতবৰ্ষ নালাগে পৃথিৱীতে নাই। একেদৰে অসমীয়া জাতিয়ে সংস্কৃতিৰ নামত যিমান সময় খৰছ কৰে আন কোনো জাতিয়ে সিমান সময় খৰছ নকৰে।
শিক্ষাৰ্থীসকলক উদ্দেশ্যি দিয়া ভাষণত তেওঁ আৰু কয় যে -জীৱনটো অমৃত আৰু বিষৰ সমষ্টি।তাৰ মাজৰ পৰা মঁথি অমৃত বিচাৰি উলিয়াব লাগিব।আজিয়েই জীৱনৰ শেষ দিন বুলি কাম কৰিলেহে সফলতা আহিব।ইয়াৰ পূৰ্বে ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাখন উদ্ধোধন কৰে ঢকুৱাখনা সম-জিলাৰ সম আয়ুক্ত, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া সংস্কৃতি সোমানীয়ে।
বিষয়া গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা জীৱনত নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে ল’ব লগা বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। উক্ত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য ডঃ মুকুল বৰাই কয় যে এটা জাতিৰ উন্নতি তেতিয়াহে হ’ব যেতিয়া ব্যৱসায়িক দিশৰ উন্নতি হ’ব। আমি প্ৰতিষ্ঠিত হ’লেই নহ’ব। আমি সমাজলৈ কি অৰিহণা আগবঢ়াইছো সেইয়া মূল্যায়ন কৰা উচিত।
আমাৰ মানৱ সম্পদ ধ্বংস হৈ আছে। চৰকাৰে নিৱনুৱাক বিভিন্ন আচঁনিৰ জৰিয়তে টকা দি আহিছে। কিন্তু টকা দিলেই ন’হব আমি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে সেই টকা ল’ব পৰাকৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকলক যোগ্য কৰি তোলিব লাগিব। আমাৰ মাজত জাতীয় চেতনাৰ অভাৱ। শিক্ষা আৰু টকা আমি বাচিবৰ বাবে বৰ দৰকাৰ বুলিও উপাচাৰ্যগৰাকীয়ে মন্তব্য কৰে।
অসমীয়া বিভাগৰ অধ্যাপক মনোৰঞ্জন বৰদলৈয়ে আঁতধৰা আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক চিৰঞ্জীত দলেৱে আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাতে অধ্যাপিকা ড° পাপৰিমালা ভূঞা আৰু গ্ৰন্থাগাৰিক ড° মায়া দেউৰীৰ লগতে কেইবাগৰাকী কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়।সভাখনত সহস্ৰাধিক ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মৰত অধ্যাপক-অধ্যাপিকাসহ কৰ্মচাৰীসকল উপস্থিত থাকে।ইয়াৰ পূৰ্বে পুৱা পৰিৱেশ নিকাকৰণৰ পিছত মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ডঃ যোগানন্দ সূতে ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে উপ-সভাপতি বিশাল ঠাকুৰে।স্মৃতি তৰ্পণ কৰে উপাধ্যক্ষ চিত্ৰ কুমাৰ কোঁছে।বিয়লিলৈ ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ আলাপেৰে নৱাগত আদৰণী সভাৰ সামৰণি পৰে।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ২৩ আগষ্ট