নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণতলীত অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ, ৰাইজৰ ৰোষত দালাল ইফতিকাৰ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীৰ বৰ আৰিকাটিত আজি অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰি ইফতিকাৰ ভূঞা নামৰ লোক এজন ৰাইজৰ ৰোষত পৰে৷ জানিব পৰা মতে, সোণতলীৰ বৰ আৰিকাটিৰ ইফতিকাৰ ভূঞাই অঞ্চলটোৰ একাংশ মহিলাক অৰুণোদয় আঁচনি কৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল৷

ইপিনে, অৰুণোদয় আঁচনি নোপোৱাৰ পিছত ধন‌ ঘূৰাই বিচাৰি আঁচনি-বঞ্চিত মহিলাসকলে একগোট হৈ আজি বৰ আৰিকাটিত উপস্থিত হৈ ইফতিকাৰ ভূঞাৰ ওচৰত ধন ঘূৰাই বিচাৰে৷ ভুক্তভোগী মহিলাসকলে ধন বিচৰাত দালাল ইফতিকাৰ ভূঞাই মহিলাক আক্ৰমণ কৰিবলৈ লোৱাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ পিছত ইফতিকাৰ ভূঞাৰ বিৰুদ্ধে শতাধিক লোক ৰাজপথলৈ ওলাই আহে। ঘটনাৰ খবৰ পাই সোণতলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও দালাল ইফতিকাৰ ভূঞাই পলায়ন কৰে।

প্ৰেৰক নয়ান আলী

You might also like