অশৰীৰী মৃত্যু
মহানগৰীৰ এক অভিজাত এলেকাৰ এখন সম্ভ্রান্ত ঘৰ৷ পিতৃ এগৰাকী নাম কৰা অভিযন্তা, মাতৃ সমাজসেৱিকা৷ প্রচুৰ ঐশ্বর্যশালী এই ঘৰখন গুৱাহাটীৰ এখন পৰিচিত ঘৰ৷ তেওঁলোকৰ ২১ বছৰীয়া পুত্র সন্তানক এদিন পুৱা শুই থকা অৱস্থাতে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল৷ অসমৰ বাহিৰৰ দামী শিক্ষানুষ্ঠানত অধ্যয়ন কৰা, চহকী পৰিয়ালৰ বৃত্তৰ সৈতে ঘূৰা–পকা কৰা সন্তানৰ এই আকস্মিক মৃত্যুৱে সকলোকে জোকাৰি গৈছে৷ চিকিৎসকে মৃত্যুৰ কাৰণ ব্যাখ্যা কৰিছে– ড্রাগ্ছ অভাৰড’জ৷ গুৱাহাটীৰ পাণবজাৰত অৱস্থিত এখন পুৰণি পৰিচিত হোটেল৷ অতীতৰ চিকমিকনি হেৰুৱাইছে যদিও এতিয়াও এই হোটেললৈ বহুতৰে আহ–যাহ আছে৷ এই হোটেলৰে বাথৰুমত পৰি থকা অৱস্থাত কিছুদিন পূর্বে উদ্ধাৰ হয় এজন যুৱক৷ প্রাথমিক চিকিৎসাত সুস্থ হৈ নুঠা যুৱকজনৰ পিছত মৃত্যু ঘটে৷ পৰিয়ালে সেয়া এক দুর্ঘটনা বুলি ক’ব খুজিলেও পিছত পৰিষ্কাৰ হয় যে ড্রাগ্ছ অভাৰড’জ হৈয়ে যুৱকজনৰ মৃত্যু ঘটিছে৷ ২০২৪ৰ জুন মাহৰ কোনো এটা দিনত নগাঁৱৰ বঢ়মপুৰৰ এগৰাকী মহিলাক নিশা সংকটজনক অৱস্থাত হাস্পতাললৈ লৈ অহা হৈছিল৷ কিন্তু কোনো চিকিৎসাই বচাব নোৱাৰিলে তিনিটা সন্তানৰ মাতৃ সেই মহিলাক৷ ডেথ চার্টিফিকেটত লিখা হৈছিল ডাগ্ছ অভাৰড’জ৷ … দুদিন পূর্বে গুৱাহাটীৰ খানাপাৰাৰ নৱনির্মিত আইএছবিটি বাছষ্টেণ্ডৰ ছিৰিত তিনিজন কোমল বয়সৰ যুৱকক ছিৰিঞ্জেৰে প্রকাশ্যে ড্রাগ্ছ লৈ থকা ভিডিঅ’ ফুটেজ ভাইৰেল হৈছে৷ সেই ভিডিঅ’ই আকৌ এবাৰ অসমত ড্রাগছে কেনে পর্যায়লৈ নৱপ্রজন্মক গ্রাস কৰিছে সেয়া উদঙাই দিছে৷ এই ভিডিঅ’ দেখি ৰাজ্যখনৰ সচেতন সমাজ হাহাকাৰ কৰি উঠিছে৷ পুনৰ প্রমাণ হৈছে এই মাৰাত্মাক ড্রাগছ সেৱন কৰি তিলতিলকৈ সংগোপনে মৃত্যুক আঁকোৱালি লৈছে নৱপ্রজন্মৰ একাংশই৷ কিন্তু বাস্তৱ ক্ষেত্রত ড্রাগছ এতিয়া মাথোঁ তৰুণ–তৰুণীৰে নিচাৰ মাধ্যম হৈ থকা নাই৷ ১০–১১ বছৰীয়া কিশোৰৰ পৰা মধ্য বয়স্ক মানুহৰো নিচাৰ এৰাব নোৱাৰা সংগী হৈ পৰিছে ড্রাগছ৷ আনকি বহু যুৱতী আৰু মহিলাও এতিয়া ড্রাগছৰ কৰাল গ্রাসত পৰি ককবকাব ধৰিছে৷ উল্লিখিত উদাহৰণকেইটাৰ পৰাই অসমৰ সমাজ জীৱনৰ প্রায় সকলো স্তৰতে ড্রাগছ যে এতিয়া মাৰাত্মক ব্যাধি হৈ একো একোটা পৰিয়াল আৰু সমাজক ক্রমশঃ ধ্বংস কৰি আনিছে সেয়া প্রমাণ কৰিছে৷
আৰক্ষী সূত্রই প্রকাশ কৰা মতে অসমত প্রায় তিনি লাখ ড্রাগছ সেৱনকাৰী আছে৷ বিপৰীতে ইউনাইটেড নেচনছ অফিচ অন ড্রাগছ এণ্ড ক্রাইমৰ তথ্য মতে অসমৰ ড্রাগছ সেৱনকাৰীৰ সংখ্যা ৭.৫ লাখ৷ যদি এই তথ্য সঁচা হয়, তেন্তে অসমত ড্রাগছে কি ভয়াৱহ ৰূপ লৈছে আৰু প্রায় প্রতিটো পৰিয়ালতে সোমাই পৰিছে, সেই কথাই প্রমাণ কৰে৷ ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রীৰ দায়িত্ব লোৱাৰ পিছতে সমগ্র ৰাজ্যতে ড্রাগছৰ বিৰুদ্ধে প্রবল অভিযান চলাই জনমত গঢ়ি তুলিছিল৷ চৰকাৰে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ ড্রাগছ বেপাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু বহু ড্রাগছ বেপাৰীক কৰায়ত্ত কৰি জে’ললৈ প্রেৰণ কৰিছিল৷ তদুপৰি যিসমূহ পথেৰে অসমলৈ ড্রাগছৰ সৰবৰাহ হয়, সেই পথসমূহতো অভিযান চলাই বন্ধ কৰিছিল৷ চৰকাৰৰ এই দৃঢ় ড্রাগছবিৰোধী পদক্ষেপৰ বাবেই ৰাজ্যখনত ড্রাগছ ব্যৱহাৰৰ পয়োভৰ হ্রাস পাইছিল৷ কিন্তু ড্রাগছ অথবা যিকোনো নিচা এনে এক বস্তু যাক কেৱল চৰকাৰ বা পুলিচৰ অভিযানে নিঃশেষ কৰিব নোৱাৰে৷ চৰকাৰৰ এই অভিযানৰ সমান্তৰালকৈ প্রতিটো পৰিয়াল ড্রাগছৰ বিৰুদ্ধে সজাগ হ’ব লাগিব৷ পৰিয়ালৰ পিতৃ–মাতৃ আৰু অভিভাৱকসকলে সাহসেৰে এই সমস্যাৰ সন্মুখীন হৈ সন্তানসকলক নিচেই সৰুৰে পৰা ড্রাগছৰ ভয়াৱহ অপকাৰিতা আৰু ক্ষতিৰ বিষয়ে বুজাব লাগিব৷ সহজ অর্থত পিতৃ–মাতৃ, অভিভাৱকৰ কঠোৰ–সজাগ স্থিতিয়েহে অশৰীৰী মৃত্যুৰ পৰা তেওঁলোকৰ সন্তানসকলক ৰক্ষা কৰিব পাৰিব৷ ইয়াৰ লগতে শিক্ষানুষ্ঠানসমূহতো ড্রাগছৰ বিৰুদ্ধে সজাগতামূলক ব্যাপক প্রচাৰ আৰু পাঠ্যক্রমৰ ব্যৱস্থা কৰিব লাগিব৷ যিকোনো শিশুৰ মূল ভেটি গঢ়ি উঠে নিজৰ ঘৰখন আৰু তেওঁ পঢ়া বিদ্যালয়খনৰ পৰাই, সেয়ে ঘৰখন আৰু স্কুলতে ড্রাগছৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ আৰম্ভ হ’ব লাগিব৷ মাৰাত্মক ড্রাগছে যে কেৱল তেওঁলোককে ধ্বংস নকৰে, ধ্বংস কৰে তেওঁলোকে বাস কৰা সমাজখনকো, সেই কথা চালুকীয়া অৱস্থাৰ পৰাই শিশুসকলক হূদয়ংগম কৰাব পাৰিব লাগিব৷