নিয়মীয়া বাৰ্তা, বৰমা, ২০ আগষ্ট : বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জালাহবস্তিত প্ৰত্যক্ষ হৈছে এক হৃদয়বিদাৰক দৃশ্য। উন্নয়ন আৰু সমৃদ্ধিৰ কাহিনী শিৰোনাম হৈ থকাৰ মাজতে এই ঘটনাটোৱে স্থানীয় ৰাইজক স্তম্ভিত কৰি তুলিছে। বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৰ সমষ্টিত এগৰাকী গৰ্ভৱতী মহিলা প্ৰসৱ যন্ত্ৰণাত ভুগি থকা অৱস্থাত 108 মৃত্যুঞ্জয় সেৱালৈ ফোন কৰে। পিছে এম্বুলেঞ্চখন পথৰ দুৰৱস্থাৰ বাবে ৰোগীৰ ঘৰলৈ প্ৰৱেশ কৰিব নোৱাৰাত পৰিয়াল আৰু চুবুৰীয়া লোকৰ সহায়ত সাঙী কৰি চিকিৎসালয়লৈ লৈ যোৱা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছে।
গৰ্ভৱতী মহিলাগৰাকীৰ নাম বাহামতী টুদু । তেওঁ জালাহবস্তিত অৱস্থিত নিজ ঘৰতে প্ৰসৱ যন্ত্ৰণাত ভুগি থকা অৱস্থাত পৰিয়ালৰ লোকে 108 মৃত্যুঞ্জয় এম্বুলেঞ্চৰ সহায় বিচাৰে। কিন্তু বাগানপাৰাৰ পৰা জালাহবস্তিলৈ যোৱা পথৰ দুৰৱস্থাৰ বাবেই এম্বুলেঞ্চখন গন্তব্যস্থানত প্ৰৱেশ কৰিব নোৱাৰে। এম্বুলেঞ্চখন ৰাস্তাৰ মাজতে থমকি ৰোৱাৰ পৰিস্থিতিৰ সৃষ্টি হয়। এনে সময়তে কোনো বিকল্প উপায় নথকাত পৰিয়াল আৰু চুবুৰীৰ লোকে মিলি বাহামতী টুদুক এক কিলোমিটাৰ পথ সাঙী কৰি চিকিৎসালয়লৈ লৈ যাবলৈ বাধ্য হয়। মানুহৰ জীৱন বচাবলৈ কেৱল পথৰ অভাৱত এনে যন্ত্ৰণা ভোগ কৰিব লগা পৰিস্থিতিয়ে স্থানীয় লোকসকলৰ চকু সেমেকাই তুলিছে। মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ৰ আৰ্তনাদে সকলোৰে হৃদয় কঁপাই তোলে। এনে এক দুঃসহ পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত স্থানীয় ৰাইজৰ অভিযোগ সমষ্টিৰ জনপ্ৰতিনিধি কাতিৰাম বড়োৰ বিৰুদ্ধে উত্থাপন হৈছে। ২০২০ চনত বাগানপাৰা সমষ্টিৰ পৰা জয়লাভ কৰাৰ সময়ত কাতিৰাম বড়োৱে উন্নয়নৰ বহু প্ৰতিশ্ৰুতি দিছিল বুলি ৰাইজৰ অভিযোগ। কিন্তু বিজয়ী হোৱাৰ পাছত জালাহবস্তি অঞ্চলত কোনো প্ৰকৃত উন্নয়নমূলক কাম নোহোৱা দৃশ্যমান হৈছে। পথৰ সমস্যাটো বহু দিনৰ হ’লেও এতিয়ালৈকে কোনো চৰকাৰী নীতি-নির্দেশনা বা কাম-কাজ নোহোৱাটো স্থানীয় ৰাইজৰ প্ৰধান অভিযোগ।
চাওতাল ছাত্ৰ সন্থা, বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজে কয় যে সমষ্টিটোৰ ৰাইজে প্ৰতিনিয়ত যি কষ্ট ভোগ কৰি আহিছে, সেই কষ্টৰ মূল কাৰণ হ’ল নেতাৰ উদাসীনতা। কাতিৰাম বড়োৱে নির্বাচনৰ আগত যি প্ৰতিশ্ৰুতি দিছিল, সেয়া বাস্তৱায়িত কৰাৰ নামত একো কৰা নাই। বাগানপাৰা সমষ্টিৰ গাঁওসমূহত পথ-পৰিবহণৰ সমস্যাই জনজীৱনক অতিষ্ঠ কৰি তুলিছে। এনে ঘটনাৰ পাছত স্থানীয় সংগঠনসমূহে তীব্ৰ প্রতিক্ৰিয়া প্ৰকাশ কৰিছে। চাওতাল ছাত্ৰ সন্থাসহ স্থানীয় ৰাইজে আগন্তুক নিৰ্বাচনত কাতিৰাম বড়োক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ দিছে। তেওঁলোকৰ ভাষ্য, যদি এতিয়াও পথৰ দৰে মৌলিক সমস্যা সমাধান নহয়, তেন্তে বিকাশৰ কথা কেৱল চমকপ্ৰদ শ্লোগানৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব। বাহামতী টুদুক সাঙী কৰি চিকিৎসালয়লৈ নিয়াৰ দৃশ্যই নতুনকৈ প্ৰশ্ন উত্থাপন কৰিছে।
এতিয়া ৰাইজৰ মনত প্ৰশ্ন— এয়াই নেকি বিটিআৰৰ উন্নয়নৰ নগ্ন বাস্তৱ ছবি? বাহামতী টুদুৰ আৰ্তনাদে কেৱল এগৰাকী মহিলাৰ কষ্টকেই প্ৰতিফলিত কৰা নাই, সেই আৰ্তনাদে সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ হাহাকাৰ, উপেক্ষিত জীৱন আৰু প্ৰতিদিনৰ দুখ-কষ্টকো প্ৰতিফলিত কৰিছে।
প্ৰেৰক পংকিল বৰ্মন