নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

ধুবুৰী চহৰৰ মাজ-মজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত মুখ্য অতথিৰূপে, উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাবক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।

উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে ধুবুৰী বিধান সভা সমষ্টিৰ ৯,৪৩৩ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ ১০,০০০/- টকাৰ চেক বিতৰণ কৰে। নিজৰ ভাষণত তেওঁ সমষ্টিটোৰ উন্নয়ন সাধিবৰ হ’লে মহিলাসকল স্বাৱলম্বী হোৱাটো অতি আৱশ্যক আৰু তাৰেই প্ৰয়াসেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আত্মসহায়ক গোটৰ মহিলাসকলক এই আঁ‌চনিৰ সৈতে সাঙুৰি লোৱা হৈছে বুলি উল্লেখ কৰে।

ভাষণ প্ৰসংগত আহি থকা দিনবোৰত এইসকল কৰ্মোদমী মহিলা নিশ্চিত ৰূপত ‘লাখপতি বাইদেউ’ হ’বগৈ বুলিও আশা প্ৰকাশ কৰে ধুবুৰী জিলাৰ অভিভাবক মন্ত্ৰীগৰাকীয়ে। আজিৰ এই চেক বিতৰণ কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ শিলাদিত্য দেৱ, কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ চিইএম (CEM) জীৱেশ ৰয়, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল, অসম ৰাজ্যিক তথ্য অধিকাৰ আয়োগৰ আয়ুক্ত বিমল ওচৱাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত কুমাৰ ৰয়, শ্ৰী দেৱজিত বৰকলিতা, শ্ৰী বিশ্বজিত কলিতা, শ্ৰী অমল সাহাৰ উপৰিও জিলা আয়ুক্ত দিবাগত নাথ প্ৰমুখ্যে জিলা প্ৰশাসনৰ অন্যান্য বিষয়া-বৰ্গও উপস্থিত আছিল।

ধুবুৰীত মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ নিৰ্মাণ আঁ‌চনিৰ অধীনত ৭৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ধুবুৰী-গৌৰীপুৰ পথটিৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভও কৰে তেওঁ। তাৰপিছত জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ পুণ্য তিৰোভাৱ তিথি উপলক্ষে ভাৰত-বাংলাদেশ সীমান্তৰ ৭ কিলোমিটাৰ নিলগত অৱস্থিত ধুবুৰী জিলাৰ গোলকগঞ্জৰ ঐতিহ্যমণ্ডিত জিনকাটা ৰাজহুৱা সত্ৰত উপস্থিত হৈ সেৱাও যাচে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৬ আগষ্ট

You might also like