নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৱব্ৰত শইকীয়া বিজেপিৰ এজেণ্ট, অখিলৰ মহাবিস্ফোৰণ

অসমত কংগ্ৰেছৰ বাহিৰে অন্যান্য বিৰোধী দলসমূহ একত্ৰিত হবলৈ সাজু হৈ আছে। এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। তেওঁ কয়- বিৰোধী একত্ৰীকৰণত কংগ্ৰেছ দলে ধিলাধিলি কৰি আছে। কংগ্ৰেছ দলৰ নেতাই আজি কয় এটা কাইলৈ কয় এটা।

অসমত ১৬টা বিৰোধী ৰাজনৈতিক দল একলগ হৈ আছে, কংগ্ৰেছ আহিলে ১৭টা হব। এই ১৭টা ৰাজনৈতিক দল একলগ হ’লে বিজেপিৰ বিপৰ্যয় নামিব।

ইফালে দেৱব্ৰত শইকীয়াক সমালোচনা কৰে বিধায়কগৰাকীয়ে। তেওঁ কয়, কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই উল্তা পাল্তা কৰি আছে। উল্তা কথা কোৱা মানুহ বিজেপিৰ এজেণ্ট বুলি মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

Niyomiya Barta Desk, 28 August

You might also like