বিশেষ বাৰ্তা, ২৯ আগষ্ট : নিশা দুলীয়াজানৰ ঊষাপুৰত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় । এটা মোবাইল ফোনৰ বাবেই এজন লোকক দাৰে ঘপিয়াই হত্যা কৰে বৃদ্ধই । অত্যধিক সুৰা সেৱন কৰাৰ বাবেই সংঘটিত হয় এই ঘটনা । দুলীয়াজানৰ ঊষাপুৰ গাঁৱৰ ভাইকণ বৰা নামৰ লোকজনে কাষৰীয়া প্ৰফুল্ল বড়োক দাৰে ঘপিয়াই হত্যা কৰে ।
জানিব পৰা মতে , হত্যাকাৰী ভাইকণ বৰাৰ পুত্ৰ লক্ষী বৰা আৰু প্ৰফুল্ল বড়োৱে নিশা একেলগে ঘৰত সুৰাপান কৰি আছিল । অত্যধিক সুৰা সেৱন কৰি সুৰাৰ ৰাগিত মাতাল হৈ লক্ষী বৰাই নিজৰ মোবাইল ফোনটো হেৰুৱাই পেলায় । পিছত হেৰুওৱা মোবাইলটো বিচাৰি নোপোৱাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় । সুৰামত্ত লক্ষী বৰাই প্ৰফুল্ল বড়োৰ বিৰুদ্ধে মোবাইল চুৰিৰ অভিযোগ তোলে । পিছত লক্ষী বৰাৰ পিতৃ ভাইকণ বৰাই পুত্ৰৰ মোবাইল চুৰিৰ অভিযোগত কাষৰীয়া প্ৰফুল্ল বড়োক এখন দাৰে ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰে ।
ইফালে, ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতেই হত্যাকাৰী ভাইকণ বৰাক জয়পুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । নিহত প্ৰফুল্ল বড়োৰ মৃতদেহ পিছত জয়পুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি অধিক সোধা-পোছা অব্যাহত ৰাখিছে ।