প্ৰধানমন্ত্ৰীৰ সমগ্ৰ দেশক লক ডাউন কাৰ্যক সৰ্মথন বলিউদৰ
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে মঙলবাৰে নিশা সমগ্ৰ দেশতে লকডাউনৰ ঘোষণা কৰাৰ পিছতে বলিউদৰ বিভিন্ন তাৰকাই লকডাউনক সম্পূৰ্ণ ৰূপে সৰ্মথন কৰা দেখা গৈছে।
বলিউদৰ ড্ৰীম গাৰ্ল তথা সাংসদ হেমা মালিনীয়ে সমগ্ৰ দেশত লক ডাউন কৰা কাৰ্যক সৰ্মথন কৰি কয় টুইট কৰে যে দেশৰ জনসাধাৰণৰ বাবে এই লক ডাউন। আমি এই লক ডাউন মানিব লাগে আৰু ঘৰতে থাকিব লাগিব।যাৰ বাবে বহু লোকৰ জীৱন সুৰক্ষিত হ’ব।
সুকন্ঠী গায়িকা শ্বেয়া ঘোষালে টুইটত উল্লেখ কৰিছে যে ক’ৰোনা ভাইৰাছ ৰ বাবে ২১ দিনৰ বাবে লক ডাউন প্ৰধান মন্ত্ৰীয়ে আজি ঘোষণা কৰিলে। আমি ভাৰতৰ বাবে ইয়াক কৰিব লাগিব।
অভিনেতা অনিলে কাপুৰে লক ডাউনৰ সৰ্মথনত লিখিছে যে অনুগ্ৰহ কৰি ঘৰতে থাকক। এইটোৱে এক মাত্ৰ উপায়। এই লক ডাউন আমাৰ বাবে সুৰক্ষিত।
সোনাক্ষী সিন্হাই টুইট কৰি কয় ভুলটো ঘৰলৈ বাহিৰলৈ নোলাব। মনে মনে ঘৰতে থাকক।