নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ অর্থনীতিলৈ ভাল খবৰ : ভাৰতৰ জিডিপি ৭.৮ শতাংশলৈ বৃদ্ধি

নিউজ ডেস্ক, ৩০ আগষ্ট : আমেৰিকাৰ শুল্কবোমাৰ মাজতে ভাল খবৰ৷ কিয়নো ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন অর্থাৎ জিডিপি ৰিজার্ভ বেংকৰ পূর্বাভাসতকৈ অধিক বৃদ্ধি পায়৷

কেন্দ্রীয় চৰকাৰৰ পৰিসংখ্যা আৰু পৰিকল্পনা বিভাগে প্রকাশ কৰা মতে, ২০২৫–২৬ বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিকত দেশৰ জিডিপি বৃদ্ধিৰ হাৰ ৭.৮ শতাংশ বুলি জানিব পৰা গৈছে৷ এই হাৰ বিগত সময়ত বিভিন্ন সংস্থাই পূর্বানুমান কৰাতকৈ অধিক৷ স্বাভাৱিকতে এয়া ভাৰতৰ বাবে আশাব্যঞ্জক খবৰ৷

যোৱা বিত্তীয় বর্ষৰ প্রথম ত্রৈমাসিকত এই বৃদ্ধিৰ হাৰ আছিল ৬.৫ শতাংশ৷ আমেৰিকাৰ শুল্ক হেঁচাই ভাৰতীয় অর্থনীতিত নেতিবাচক প্রভাৱ পেলোৱাৰ আশংকা থকাৰ মাজতে জিডিপি বৃদ্ধিৰ হাৰে দেশক এই প্রভাৱৰ পৰা ৰক্ষা কৰাৰ সম্ভাৱনা আছে৷

You might also like