নিউজ ডেস্ক, ৩০ আগষ্ট : হিন্দী চিনেমাৰ কাহিনীৰ দৰেই চিবিআইৰ বেশত মার্চেণ্ট নেভীৰ এগৰাকী প্রাক্তন বিষয়াৰ পৰা কোটি কোটি টকা লুটি নিয়াৰ খবৰে দেশজুৰি চর্চা লাভ কৰিছে৷
অচিনাকি নম্বৰৰ পৰা চিবিআই বুলি চিনাকি দি লক্ষ্ণৌৰ হৰদ্বীপ সিং নামৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক চাইবাৰ অপৰাধীয়ে ডিজিটেলী গ্রেপ্তাৰ কৰে৷ আর্থিক প্রৱঞ্চনাৰ অভিযোগ তুলি তথাকথিত চিবিআইৰ বিষয়াসকলে ব্যক্তিজনক বেংকৰ সকলো তথ্য দিবলৈ বাধ্য কৰায়৷ এই সময়ছোৱাত তেওঁক ঘৰত অকলে থাকিবলৈ তথা কাৰো সৈতে ফোনত কথা নাপাতিবলৈ বাধ্য কৰে৷ সেই সময়তে তেওঁৰ পুত্র ঘৰলৈ অহাত তেওঁকো ডিজিটেলী গ্রেপ্তাৰ কৰে৷
ভুৱা চিবিআইৰ বিষয়াকেইগৰাকীয়ে একাউণ্ট ভেৰিফিকেচনৰ বাবে বিভিন্ন বেংক একাউণ্টলৈ ধন প্রেৰণৰ বাবে কয়৷ প্রৱঞ্চকসকলে সকলো টকা ঘূৰাই দিয়া হ’ব বুলিও আশ্বাস দিয়ে৷ চিবিআইৰ বিষয়া বুলি ভয় খাই ১.২৯ কোটি টকা প্রৱঞ্চকৰ একাউণ্টলৈ প্রেৰণ কৰে৷ ইফালে, প্রদান কৰা ধন ঘূৰাই নাপাই বর্তমান আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী৷