নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসহায় আইতাৰ কাষত সৰুপথাৰ তাই আহোম ছাত্ৰ সন্থা : নিৰ্মাণ কৰি দিলে বাসগৃহ

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : সৰুপথাৰ সমজিলা তাই আহোম ছাত্ৰ সন্থাৰ উল্লেখনীয় পদক্ষেপ। ৰাজপথত সংগ্ৰাম কৰাৰ সমান্তৰালকৈ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত চুঙাজান মাজগাও পঞ্চায়তৰ হলগুৰি গাঁও নিবাসী এগৰাকী বৃদ্ধা শুনিমাই লাহনৰ এটা গৃহ নিৰ্মাণ কৰি দিয়ে সৰুপথাৰ সমজিলা তাই আহোম ছাত্ৰ সন্থাই ।
সৰুপথাৰ সমজিলা তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা প্ৰৱণজ্যোতি গগৈৰ পূৰ্ণ প্ৰচেষ্টা আৰু সংগঠনটোৰ সদস্যসকলৰ সহযোগত পুনৰ প্ৰাণ পালে বৃদ্ধাগৰাকীৰ উৰুখা পজাই।  বহু বছৰ ধৰি সূৰ্যৰ প্ৰখৰ তাপ, ধুমুহা-বৰষুণ নেওচি মহিলাগৰাকীয়ে বসবাস কৰি আহিছিল এটা উৱলি যোৱা গৃহত । বৃদ্ধ অৱস্থাত কৰ্ম কৰি খাবলৈও যেন মহিলাগৰাকী অসমৰ্থ । আনকি পৰিয়ালত কোনোৱে গুৰুত্ব নিদিলে মহিলাগৰাকীক।  অৱশেষত মহিলাগৰাকীৰ অসহায় পৰিস্থিতিৰ মুখামুখি হ’ল সৰুপথাৰ সমজিলা তাই আহোম ছাত্ৰ সন্থা । দায়িত্ব ল’লে বৃদ্ধাগৰাকীৰ বাসগৃহ পুনৰ নিৰ্মাণৰ । কথা মতেই আজি সম্পূৰ্ণ হ’ল মহিলাগৰাকীৰ বাসগৃহ । সংগঠনটোৱে নিৰ্মাণ কৰি দিয়া গৃহটি পাই আজি উৎফুল্লিত শুনিমাই লাহন নামৰ বৃদ্ধাগৰাকী । ধন্যবাদ দিলে সংগঠনটোৰ প্ৰতিজন সদস্যক ।
আনহাতে, গৃহটি নিৰ্মাণ কৰি দিবলৈ পাই উৎসাহী সৰুপথাৰ সমজিলা তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্য । ভৱিষ্যতে পুনৰ এনে অসহায় লোকৰ সৈতে সহাৱস্থান কৰি যোৱাৰ কথা উল্লেখ কৰি বিশেষভাৱে সক্ষম এজন ব্যক্তিৰো গৃহ নিৰ্মাণ কৰি দিয়াৰ কথা উল্লেখ কৰি কেৱল ৰাজপথৰ আন্দোলনতে সীমাবদ্ধ নাথাকি অসহায় লোকক সহায় কৰি যোৱাৰ উদ্দেশ্য ব্যক্ত কৰে সংগঠনটোৰ উপদেষ্টা প্ৰৱণজ্যোতি গগৈয়ে। সংগঠনটোৰ এনে মহান পদক্ষেপক শলাগ লৈছে সচেতন মহলে ।

 

প্ৰেৰক নবীন বৰা

You might also like