GMCHৰ নৱজাতকৰ মৃত্যু কাণ্ডৰ বাবে শাস্তি ঘোষণা, কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ
GMCHৰ নৱজাতকৰ মৃত্যু কাণ্ডৰ অৱশেষত কঠোৰ হল জিএমচিএইচ কৰ্তৃপক্ষ। তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত ৬ মাহৰ বাবে নিলম্বন কৰা হ’ল ডাঃ হৃষীকেশ ঠাকুৰীয়া আৰু ডাঃ পূজাক। এই দুয়োগৰাকীৰে ভুক্তভোগীৰ এজাহাৰত নাম আছিল
ইফালে ICU টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰকো নিলম্বনৰ লগতে নিলম্বন নাৰ্ছ ইনচাৰ্জ গোমতি দেৱী, ষ্টাফ নাৰ্ছ চন্দনা নাথকো নিলম্বন কৰিছে কৰ্তৃপক্ষই।
আনহাতে ডাঃ অনুপমা ডেকা আৰু ডাঃ দীপাংকৰ হাজৰিকাকো নিলম্বন কৰিছে। তেওঁলোক দুয়ো সহযোগী অধ্যাপক আছিল। লগতে ৭জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে জিএমচিএইচ কৰ্তৃপক্ষই।
ঘটনা অনুসৰি গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতাল (GMCH)ৰ নৱজাতক চিকিৎসা কেন্দ্ৰত (NICU) এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাত এটা নৱজাতকৰ মৃত্যু হৈছিল আৰু আন দুটি শিশু গুৰুতৰভাৱে আহত হৈছিল। অভিযোগ অনুসৰি, এই তিনিটি শিশুক একক বিছনাত ৰখা হৈছিল, ফলত এই দুৰ্ঘটনা ঘটিছে।
মৃত নৱজাতকৰ পিতৃ উৎপল বৰদলৈৰ ভাষ্য মতে, তেওঁৰ পত্নীয়ে ১৫ আগষ্টত এটি কন্যা সন্তানৰ জন্ম দিছিল। শিশুটি সুস্থ আছিল যদিও কিছু সংক্ৰমণৰ কাৰণে চিকিৎসকে তাক এনআইচিইউত ভৰ্তি কৰিছিল। তেওঁৰ মতে, “প্ৰথমবাৰ NICUত চাওঁতে মোৰ শিশুটি সুস্থ আছিল। কিন্তু দ্বিতীয়বাৰ গৈ দেখোঁতে হাহাকাৰ শব্দ শুনিলোঁ আৰু দেখিলোঁ যে দুটি শিশু বিছনাৰ পৰা ওলমি আছে আৰু এটি শিশু মজিয়াত পৰি মূৰত আঘাত পাইছে। এই ঘটনা NICUৰ কৰ্মচাৰীৰ চৰম অৱহেলাৰ বাবেই ঘটিছে।”
ইয়াৰ পিছত জিএমচিএইচ কৰ্তৃপক্ষই এই ঘটনাৰ তদন্তৰ বাবে ঘোষণা কৰিছিল। তদন্ত দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ কাৰণ নিৰূপণ কৰি তদন্ত প্ৰতিবেদন দাখিল কৰিলে।
Niyomiya Barta Desk, 2 September