নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেৰোইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ মানকাচৰ আৰক্ষীৰ

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত জোৰডাঙ্গাত অভিযান চলাই ২২ গ্ৰাম হেৰ’ইনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনক।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনৰ নাম মণিৰুল ইছলাম আৰু নুৰ আজিজ। তেওঁলোকৰ ঘৰ মানকাচৰৰ জোৰডাঙ্গাত।

গোপন সূত্ৰৰ পম খেদি নিশা মানকাচৰ আৰক্ষী থানাৰ আৰক্ষীয়ে জোৰডাঙ্গাত তলাচী অভিযান চলোৱাত হেৰ’ইনসহ হাতে লোটে ধৰা পৰে যুৱক দুজন। আৰু গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজনক।

বৰ্তমান আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী দুজনক থানালৈ লৈ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

নিয়মীয়া বাৰ্তা, মানকাচৰ, ৩ ছেপ্টেম্বৰ

You might also like