নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী চহৰৰ জনবসতিপূৰ্ণ অঞ্চলত তুলাৰ গুদাম স্থাপন, প্ৰতিক্ৰিয়া

চৰকাৰী নীতি-নিয়ম ধোঁৱাচাঙত তুলি ধুবুৰী চহৰৰ ঘন জনবসতি পূৰ্ণ অঞ্চলত এটা তুলাৰ গুদামত স্থাপন হোৱাৰ অভিযোগ উত্থাপিত হৈছে। চহৰখনৰ ২নং ৱাৰ্ডৰ এম জি ৰোড অঞ্চলটোৰ একাংশ প্ৰত্যক্ষদৰ্শীৰ দাবী অনুসৰি ৰাজপথৰ হাতে লাগি থকা শ্ৰীনিৱাস এন্টাৰপ্রাইজ নামৰ ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ গুদামত দৈনিক দৈনিক ট্ৰাকে ট্ৰাকে তুলাৰ বস্তা আহে বুলি দাবী কৰিছে।

সমান্তৰালভাবে এইদৰে আবাসিক এলেকা এটাত কিদৰে তুলাৰ গুদাম স্থাপন কৰাৰ অনুমতি দিয়া হ’ল সেই প্ৰশ্নও উত্থাপিত কৰিছে। এইদৰে তুলাৰ গুদাম এটা স্থাপন কৰাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজে উদ্বিগ্নতাও প্ৰকাশ কৰিছে। হঠাৎ গুদামটোত কিবা কাৰণে জুই লাগিলে তুলাৰ দৰে দাহ্য পদাৰ্থৰ বাবে সেয়া অলপতে নিৰ্বাপিত কৰিব নোৱাৰালি গুদামটোৰ দুয়োকাষৰ তথা ঘন জন-বসতিপূৰ্ণ সেই অঞ্চলটোৰ কি হ’ব সেয়া লৈও আশংকা প্ৰকাশ কৰাও পোৱা গৈছে বহুতেই।

জনজীৱনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ এই বিষয়টোক লৈ প্ৰশাসন আৰু ধুবুৰী পৌৰসভা কৰ্তৃপক্ষকে ধৰি সংশ্লিষ্ট চৰকাৰী বিভাগটোৰ নিৰ্লিপ্ততাক লৈ চহৰখনৰ ২নং ৱাৰ্ডৰ এম জি ৰোডৰ একাংশ বাসিন্দাই ক্ষোভ উজৰাও পোৱা গৈছে।

ইফালে, জনবসতি পূৰ্ণ অঞ্চলত এইদৰে তুলাৰ গুদাম স্থাপন কৰাৰ বাবে অগ্নি নিৰ্বাপক বিভাগকে ধৰি সংশ্লিষ্ট চৰকাৰী বিভাগবোৰে কিদৰে তুলাৰ গুদাম এটা স্থাপন কৰাৰ অনুমতি দিলে সেয়া লৈ প্ৰশ্ন উত্থাপিত হৈছে। সমান্তৰালকৈ যদি প্ৰয়োজনীয় অনুমতি তথা তুলাৰ গুদাম স্থাপন কৰাৰ এনঅ’চি দিয়া হোৱা নাই তেতিয়া হ’লে কিদৰে মুকলিভাবেই চহৰখনৰ মাজমজিয়াৰ এটা জনবসতি পূৰ্ণ অঞ্চলত এটা তুলাৰ গুদাম চলি আছে সেয়াও কিন্তু প্ৰশ্ন ৰূপে উঠি আহিছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৪ ছেপ্টেম্বৰ

You might also like