অর্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্রীয় ক্রীড়া বঁটাৰ শুভাৰম্ভ
অসম অলিম্পিক সন্থাই এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্রথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ প্রতি সন্মান জনাই ভোগেশ্বৰ বৰুৱা ৰাষ্ট্রীয় ক্রীড়া বঁটা শুভাৰম্ভ কৰে৷ এই প্রথম বঁটা সমাৰোহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সর্বানন্দ সোণোৱালে উপস্থিত থাকি এই বঁটাসমূহ প্রদান কৰে৷ অর্জুন বঁটা সন্মানেৰে বিভূষিত প্রথমগৰাকী অসমীয়া ভোগেশ্বৰ বৰুৱাৰ সন্মানত এই বঁটা প্রতি বছৰে ছয়টা শিতানত প্রদান কৰা হ’ব– ভাৰতৰ শ্রেষ্ঠ ক্রীড়াবিদ, ভাৰতৰ উদীয়মান খেলুৱৈ আৰু জীৱনজোৰা সাফল্যৰ বাবে ৰাষ্ট্রীয় পর্যায়ৰ আৰু উক্ত তিনি শিতানৰ অসম পর্যায়ৰ বঁটা৷ ভোগেশ্বৰ বৰুৱাৰ দৰে এগৰাকী কিংবদন্তি খেলুৱৈৰ সন্মানার্থে এই বঁটা প্রতিষ্ঠাৰ জৰিয়তে আমি অতীতক সন্মান জনোৱাৰ লগতে ভৱিষ্যতৰ সম্ভাৱনাক উৎসাহিত কৰিছোঁ৷ কেন্দ্রীয় মন্ত্রী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সর্বানন্দ সোণোৱালে আজি এইদৰে কয়৷

ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ১৯৭০ চনৰ ×৪০০ মিটাৰ ৰিলেত ৰূপৰ পদক জয় কৰি অসমৰ প্রথম অর্জুন বঁটা সন্মানেৰে বিভূষিত ক্রীড়াবিদ হিচাপে পৰিচিতি লাভ কৰে৷ তেওঁ নিজৰ কেৰিয়াৰত ভাৰতীয় সেনাতো সেৱা আগবঢ়াইছিল৷
২০২৫ চনৰ প্রথম ভোগেশ্বৰ বৰুৱা বঁটা বিজয়ীসকল : শ্রেষ্ঠ ক্রীড়াবিদ (ৰাষ্ট্রীয় পর্যায়ত) : মনু ভাকেৰ, অলিম্পিক পদক বিজয়ী (শ্বুটিং)৷ জীৱনজোৰা সাধনা বঁটা (ৰাষ্ট্রীয় পর্যায়ত) : সুনীল চেত্রী, ভাৰতীয় ফুটবল দলৰ প্রাক্তন অধিনায়ক৷ উদীয়মান খেলুৱৈ (ৰাষ্ট্রীয় পর্যায়ত) : বেদব্রত ভৰালী, ভাৰোত্তোলন৷ শ্রেষ্ঠ ক্রীড়াবিদ (অসম পর্যায়ত) : লাভলীনা বৰগোহাঁই, অলিম্পিকত ব্রঞ্জৰ পদক বিজয়ী (বক্সিং)৷ জীৱনজোৰা সাধনা বঁটা (অসম পর্যায়ত) : দীপাংকৰ ভট্টাচার্য, বেডমিণ্টন, প্রাক্তন অলিম্পিয়ান৷ উদীয়মান খেলুৱৈ (অসম পর্যায়ত) : প্রিয়ানুজ ভট্টাচার্য, টেবুল টেনিছ৷

ভোগেশ্বৰ বৰুৱা ৰাষ্ট্রীয় ক্রীড়া বঁটাৰ অংশ হিচাপে বিশেষ স্বীকৃতি বঁটা প্রেমধৰ শর্মা, স্বাধীন ডেকা ৰজা, বলেন্দ্র মোহন চক্রৱর্তী, জুৱেল বে’, জয়দীপ দাস, প্রদীপ ব্রহ্ম, ৰিম্পী বুঢ়াগোহাঁই, চৈয়দ এছকে আলম, প্রয়াত বাবুল ফুকন আৰু ৰাকেশ বণিকক প্রদান কৰা হয়৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কয়– এই বঁটাৰ শুভাৰম্ভ অসমৰ ক্রীড়া জগতৰ বাবে এক গুৰুত্বপূর্ণ মুহূর্ত৷ ভোগেশ্বৰ বৰুৱা অসমৰ খেলজগতৰ এগৰাকী পথ প্রদর্শক আছিল, যিয়ে প্রমাণ কৰিছিল যে দৃঢ়তা আৰু শৃংখলাৰ দ্বাৰা অসমৰ প্রতিভাই বিশ্ব মঞ্চত স্থান লাভ কৰিব পাৰে৷ আজি লাভলীনা, হিমা, অংকুশিতা আৰু বহুতে সেই উত্তৰাধিকাৰক আগুৱাই নিছে৷ ৰাজ্য চৰকাৰ হিচাপে আমি ক্রীড়াৰ আন্তঃগাঁথনি নির্মাণ, ক্রীড়া অনুষ্ঠানৰ আয়োজন আৰু প্রতিটো স্তৰত যুৱ প্রতিভাক সমর্থনৰ বাবে প্রতিশ্রুতিৱদ্ধ৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম যুৱ অলিম্পিক, বিভিন্ন শাখাত ক্রীড়া একাডেমীৰ প্রতিষ্ঠা আৰু যুৱ ক্রীড়াবিদসকলৰ বাবে বিভিন্ন গুৰুত্বপূর্ণ পদক্ষেপসমূহৰ কথা উল্লেখ কৰে৷ পূর্বৰ কেন্দ্রীয় ক্রীড়া মন্ত্রী তথা বর্তমানৰ কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে অসমক দেশৰ অন্যতম ক্রীড়া প্রাণকেন্দ্র হিচাপে অভিহিত কৰি ইয়াৰ প্রগতিৰ কথা উল্লেখ কৰে৷ অনুষ্ঠানত অসমৰ খেল মন্ত্রী নন্দিতা গার্লোছা, অর্জুন মনালিছা বৰুৱা মেহতা, হিমা দাস, কমলেশ মেহতা, তৈয়বুন্নিছা, ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ সচিব দেৱজিৎ লন শইকীয়া, বিজেপি অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়া প্রমুখ্যে বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷
Niyomiya Barta Desk, 4 September