নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৭নং ৰাষ্ট্ৰীয় পথত বাহনৰ খুন্দাত লতামেকুৰী বাঘৰ মৃত্যু

যোৱানিশা ধুবুৰী জিলাৰ পানবাৰীৰ সমীপত ১৭নং ৰাষ্ট্ৰীয় পথত বাহন এখনৰ খুন্দাত এটা লতামেকুৰী Leopard Cat -Prionailurus bengalensis বাঘৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। ধুবুৰী-কোকৰাঝাৰ জিলাৰ সীমান্তৰ সন্মুখেৰ তথা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত লাগি থকা পূৰ্বৰ সেনা শিৱিৰ সন্মুখত নিশা সংঘটিত হয় এই ঘটনা।

সন্দেহনুসৰি, লতামেকুৰী বাঘটোৱে সমীপৱৰ্তী মহামায়া বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি ৰাজপথ পাৰ হ’বলৈ লওঁতে সংঘটিত হয় সেই কৰুণ ঘটনাৰ। উল্লেখ্য যে, লিপাৰ্ড বিশ্বভৰি “Endangered” বুলি ঘোষিত নহয় যদিও আইইউচিএনৰ ৰেড লিষ্টত “Vulnerable” ৰূপে অন্তৰ্ভুক্ত।

তদুপৰি, ভাৰতত লিপাৰ্ডক “বন্যপ্ৰাণী সংৰক্ষণ আইন, ১৯৭২”-ৰ তলত “তালিকা–১”ত অন্তৰ্ভুক্ত কৰি বাঘ আৰু সিংহৰ দৰে সৰ্বোচ্চ সুৰক্ষা প্ৰদান কৰা হৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৪ ছেপ্টেম্বৰ

You might also like