নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত চলন্ত শৌচালয় মুকলি বিধায়কৰ, উপকৃত হ’ব চাহ বাগিচাৰ শ্ৰমিক 

বিশেষ বাৰ্তা, ৪ ছেপ্টেম্বৰ : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক আঁচনিৰ অধীনত ৰাজ্যখনৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ অনাময় ব্যৱস্থাৰ সুবিধাৰ্থে ফ’ৰ চিটাৰ ট্ৰেইলাৰ মাউণ্টেড টয়লেট নামৰ চলন্ত শৌচালয় সেৱা মুকলি কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যখনত ২০০ চলন্ত শৌচালয় মুকলি কৰিছে।
নগাঁও জিলাতো এই আঁচনিৰ অধীনত ১০ শৌচালয় কালি চাহ শ্ৰমিকৰ সুবিধাৰ্থে মুকলি কৰা হয়। নগাঁও সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত এই আঁচনিৰ শুভাৰম্ভ কৰে বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। এই আঁচনিৰ বাবে বিধায়ক জিতু গোস্বামীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ লগতে কয় যে এই আঁচনিৰ জৰিয়তে স্বচ্ছতা আৰু জনস্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। উল্লেখ যে এই আঁচনিয়ে মুকলিত মলত্যাগমুক্ত অসম গঢ়ি তোলাত সহায়ক হ’ব। আজিৰ পৰাই এই চলন্ত শৌচালয়সমুহ চাহ বাগিচাৰ শ্ৰমিকে প্লাকিং এলেকাত ব্যৱহাৰ কৰিব পাৰিব। এই উপলক্ষে অনুস্থিত অনুষ্ঠানত নগাঁও সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা গগন তালুকদাৰ উপস্থিত থাকে। অসমৰ চাহ বাগিচাৰ ২০০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে অসম চৰকাৰে এনেধৰণৰ অত্যাধুনিক সুবিধা থকা টয়লেট মুকলি কৰিছে।

 

প্ৰেৰক কনক হাজৰিকা

You might also like