নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ আৰক্ষীৰ জালত জনতা ভৱনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, চি এম ভিজিলেঞ্চৰ নামত ধনদাবী

বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : দিছপুৰ আৰক্ষীৰ জালত পৰিল জনতা ভৱনৰ চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰী। চি এম ভিজিলেঞ্চৰ নামত দাবী কৰা ধন ল’বলৈ আহি আৰক্ষীৰ জালত পৰে ৰাতুল ডেকা নামৰ লোকজন।

পাণবজাৰত ধন ল’বলৈ অহা জনতা ভৱনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন ডিমৌৰ ৰাতুল ডেকা। চি এম ভিজিলেঞ্চৰ নামত ২ লাখ ২৫ হাজাৰ টকা দাবী কৰিছিল ধৃত ৰাতুল ডেকাই। দাবী কৰা ধন লওঁতেই দিছপুৰ আৰক্ষীয়ে হাতে-লোটে আটক কৰে জনতা ভৱনৰ চতুৰ্থ বৰ্গৰ দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী ৰাতুল ডেকাক।

You might also like