ডুবাইত অনুশীলন ভাৰত–পাক দলৰ : পেহেলগাম কাণ্ডৰ পাছত প্রথম মুখামুখি
নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ : পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীৰ আক্রমণৰ পাছত ক্রিকেট যুঁজত মুখামুখি হ’ব ভাৰত–পাকিস্তান৷ এছিয়া কাপত ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ভাৰত–পাকিস্তান মহাৰণ৷ ইয়াৰ পূর্বে ডুবাইত অনুশীলনত মুখামুখি হ’ল দুয়োটা দল৷
ডুবাইৰ আইচিচি একাডেমীত অনুশীলনত নামি পৰে ভাৰতীয় খেলুৱৈসকল৷ ইয়াৰ মাজতে পৰহি একে স্থানতে, একেই সময়তে অনুশীলন চলায় ভাৰত আৰু পাকিস্তান দলে৷ এটি ক্রিকেট বিষয়ক ৱেবছাইটৰ মতে প্রায় তিনি ঘণ্টা অনুশীলন কৰে টীম ইণ্ডিয়াই৷ জানিব পৰা মতে, মিডল অর্ডাৰ বেটাৰসকলে এঘণ্টা নেটত অনুশীলন কৰাৰ পিছত অলৰাউণ্ডাৰসকলে অনুশীলন কৰে৷ ইয়াৰ বিপৰীতে পাকিস্তানেও একেই স্থানতে প্রৱেশ কৰে সন্ধিয়া ৭ বজাত৷ অৱশ্যে তেওঁলোকে এতিয়াও এছিয়া কাপৰ প্রস্তুতি চলোৱা নাই৷ সংযুক্ত আৰব আমিৰ শ্বাহী আৰু আফগানিস্তানৰ সৈতে ত্রিদেশীয় প্রতিযোগিতাৰ ফাইনেলৰ পূর্বে অনুশীলন কৰে তেওঁলোকে৷
অৱশ্যে দুয়ো দলে নিজৰ মাজতে অনুশীলন কৰে৷ তেওঁলোক নিজৰ মাজতে ব্যস্ত আছিল৷ ভাৰত–পাকিস্তান দুয়ো দলৰ খেলুৱৈসকলে পৰস্পৰৰ সৈতে বার্তালাপত মিলিত হোৱা নাছিল৷