উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ডিব্ৰুগড় জেলৰ পৰা ভোটদান অমৃতপল সিঙৰ
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বৰ্তমানে বন্দী হৈ থকা পাঞ্জাৱৰ খাদূৰ চাহাবৰ সাংসদ অমৃতপল সিঙে আজি ২০২৫ চনৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ অংশগ্ৰহণ কৰে।
ভাৰতীয় নিৰ্বাচন আয়োগে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু অসমৰ মুখ্য সচিবক কাৰাগাৰত বন্দী সাংসদগৰাকীৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ যাৱতীয় সকলো ব্যৱস্থা কৰি তুলিবলৈ নিৰ্দেশ জাৰি কৰিছিল।
১৯৭৪ চনৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ নিয়ম ২৬ অনুসৰি অমৃতপল সিঙক ডাক বেলট পেপাৰ প্ৰদান কৰা হয়, যাৰ ফলত তেওঁ কাৰাবন্দী হৈ থকাৰ পিছতো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হয়।
সূত্ৰ অনুসৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই অমৃতপাল সিঙক ভোটদানৰ বাবে প্ৰয়োজনীয় বেলট কাগজ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰে। বেলটত চিহ্নিত (ভোটাধিকাৰ) কৰাৰ পিছত তেওঁ ছীল কৰা খামটো জেল কৰ্তৃপক্ষক গতাই দিয়ে আৰু তাৰ পিছত জেল কৰ্তৃপক্ষই বিশেষ দূতৰ জৰিয়তে বিমানযোগে দিল্লীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্রহণ কৰে।
দেশৰ নিৰ্বাচনী আয়োগে নিৰ্দেশ দিছে যে আজি সন্ধিয়া ৬ বজাৰ পৰা ভোটগণনা আৰম্ভ হোৱাৰ পূৰ্বে চিহ্নিত বেলট পেপাৰ থকা ছীল কৰা খামটো ৰিটাৰ্ণিং অফিচাৰৰ ওচৰ পাব লাগিব।উল্লেখযোগ্য যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে বিৰোধীৰ মনোনীত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সুদৰ্শন ৰেড্ডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে।
বিশেষ বাৰ্তা, ডিব্ৰুগড়, ৯ ছেপ্টেম্বৰ