আজিৰ দিনটোৰ ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল
আজি ১০ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৪ তাৰিখ
বুধবাৰ : তিথি–কৃষ্ণা তৃতীয়া, নক্ষত্র : ৰেৱতী, যাত্রা : নাই
মেষ : চাকৰিয়ালসকলৰ দিনটো শুভ, প্রেমত ভুল বুজাবুজি, বিদ্যাত মধ্যম৷ শুভ ৰং নীলা৷
বৃষ : ৰাজনৈতিক ক্ষেত্রত জড়িতসকলৰ মানসিক অশান্তি সৃষ্টি হ’ব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা৷
মিথুন : ব্যৱসায়ত সমস্যা দেখা দিব৷ বিদ্যার্থীসকলৰ মধ্যম৷ ভ্রমণত শুভ৷ শুভ ৰং হালধীয়া৷
কর্কট : বেয়া মহিলাৰ পৰা সাৱধান, বদনাম হ’ব পাৰে৷ হূদৰোগীসকলে সাৱধান হ’ব৷ দূৰ ভ্রমণ নকৰিব৷ শুভ ৰং বগা৷
সিংহ : চাকৰিয়ালসকলে সাৱধান হ’ব৷ মত বিৰোধ হ’ব পাৰে৷ প্রেমত শুভ, শুভ ৰং নীলা৷
কন্যা : ব্যৱসায়ত সমস্যা থাকিলেও দিনটো বেয়া নহ’ব, পুৰণা বন্ধু লগ পাব৷ প্রেমত কষ্ট, শুভ ৰং সেউজীয়া৷
তুলা : খৰচ বৃদ্ধি হ’ব পাৰে৷ মাতৃৰ শৰীৰক লৈ চিন্তা, বিদ্যাত মধ্যম৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম৷
বৃশ্চিক : বন্ধুৰ পৰা সহায় পাব, কিবা মূল্যৱান বস্তু ঘূৰাই পাব৷ সন্তানৰ বাবে চিন্তিত, শুভ ৰং কমলা৷
ধনু : পৰিয়ালৰ ক্ষেত্রত শুভ, সন্তানৰ বাবে চিন্তা, প্রেমত কষ্ট, শুভ ৰং বেঙুনীয়া৷
মকৰ : দিনটো শুভ৷ সুখ–শান্তি বৃদ্ধি পাব৷ বিদ্যার্থীয়ে পঢ়াত মনোযোগ দিয়া ভাল৷ প্রেমত শুভ, শুভ ৰং মেৰুণ৷
কুম্ভ : বিভিন্ন ধৰণৰ দুর্ঘটনা হোৱাৰ সম্ভাৱনা, শত্রু বৃদ্ধি৷ দূৰ ভ্রমণ নকৰিব, প্রেমত শুভ, শুভ ৰং সোণালী৷
মীন : কোনো নতুন সংবাদে মনটোত শান্তি দিব, শিক্ষাৰ ক্ষেত্রত অশুভ, প্রেমত শুভ, শুভ ৰং ক’লা৷