Gen-Z-ৰ প্ৰতিবাদ : নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলৰ পদত্যাগ
নেপালত ছ’চিয়েল মিডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰু কথিত দুৰ্নীতিৰ বিৰুদ্ধে Gen-Z তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। Gen-Z আন্দোলনে নেপালত একপ্ৰকাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগৰ পিছত এতিয়া দেশৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলৰো পদত্যাগৰ খবৰ পোৱা গৈছে। তেওঁৰ পদত্যাগৰ পিছত নেপালত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী পদ খালী হৈ পৰিছে। ৰাজধানী কাঠমাণ্ডুত প্ৰতিবাদকাৰীৰ হৈ হাংগামা অব্যাহত আছে।
নেপালত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈছে, আৰু Gen-Z আন্দোলনৰ ফলত দেশৰ শাসন ব্যৱস্থাত এক গভীৰ সংকটৰ সৃষ্টি হৈছে।
Niyomiya Barta Desk, 9 September