আজি মুখ্যমন্ত্ৰীৰ হাতত পৰিব গৌৰৱৰ পাকিস্তান কানেকচনৰ SIT ফাইল
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া বিশেষ তদন্তকাৰী দল (SIT)-এ আজি সন্ধিয়া ৬ বজাত কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ কথিত পাকিস্তান সংযোগৰ বিষয়ে তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিব। এই প্ৰতিবেদনত গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু তাৰ সৈতে জড়িত অভিযোগৰ বিষয়ে বিশদ তথ্য থাকিব বুলি ধাৰণা কৰা হৈছে।
SITৰ এই প্ৰতিবেদনত কি তথ্য প্ৰকাশ পাব আৰু ইয়াৰ ৰাজনৈতিক প্ৰভাৱ কি হ’ব, তাক লৈ অসমৰ ৰাজনৈতিক পৰিস্থিতি সতৰ্কতাৰে পৰ্যবেক্ষণ কৰা হৈছে।
ইফালে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আজিৰ মন্তব্য– প্ৰতিবেদন সূক্ষ্মভাৱে চাই ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। গোচৰটো আকাংক্ষিত পৰ্যায়লৈ লৈ যাবলৈ হলে প্ৰক্ৰিয়াৰ মাজেৰে হব। গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্ক এটা দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত, ৰাষ্ট্ৰীয় সুৰক্ষাজনিত তদন্ত।
Niyomiya Barta Desk, 10 September