ৰাছিয়াৰ গোল্ডেন ৰিং মহোৎসৱত নৃত্য পৰিৱেশনৰ বাবে আমন্ত্ৰিত পৰীস্মিতা
ৰাছিয়াৰ আন্তৰ্জাতিক গোল্ডেন ৰিং মহোৎসৱ (Golden Ring Festival)লৈ আমন্ত্ৰিত হৈ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰজ্ঞা নগৰী নলবাৰীৰ মেধাৱী নৃত্যশিল্পী পৰীস্মিতা দত্তই ৷
ৰাজ্যখনৰ নৃত্য-শিক্ষা আৰু সৃষ্টিশীল পৰিৱেশনৰ ক্ষেত্ৰখনৰ সমাদৃত বিদ্যায়তনিক অনুষ্ঠান নলবাৰীৰ বৰ্ণালী ডেন্স একাডেমীৰ ছাত্ৰীগৰাকীয়ে যোৱা ৬ ছেপ্তেম্বৰত ৰাছিয়াত উপস্থিত হৈছে ৷ পুনেৰ ভাৰতী বিদ্যাপীঠ বিশ্ববিদ্যালয়ৰ পৰা ৬জনীয়া নৃত্যাংণাৰ নিৰ্বাচিত দলত অন্তৰ্ভুক্ত হৈ তেওঁ ছোভিয়েট দেশত নৃত্য পৰিৱেশনৰ সুযোগ লাভ কৰিছে৷
সত্ৰীয়া, কথক আৰু বিহু নৃত্যৰ প্ৰশিক্ষিত শিল্পী পৰিস্মিতাই দেশখনৰ ৰাজধানী মস্কোৰ ভ্লাডিমিৰত ইউনেস্ক’ই আয়োজন কৰা এই লোকসাংস্কৃতিক মহোৎসৱত নৃত্য পৰিৱেশন কৰিব ৷ নলবাৰীৰ গোপাল বজাৰৰ প্ৰদীপ কুমাৰ দত্ত আৰু ৰঞ্জু দত্তৰ জীয়ৰী পৰিস্মিতাই ৪ বছৰ বয়সৰ পৰা এতিয়ালৈ নৃত্যগুৰু বৰ্ণালী মহন্তৰ ওচৰত নিৰৱচ্ছিন্নভাৱে নৃত্যৰ সাধনা অব্যাহত ৰাখিছে ৷
বৰ্তমান তেওঁ বৰ্ণালী ডেন্স একাডেমীৰ নৃত্য শিক্ষয়িত্ৰী হিচাপেও কৰ্মৰত হৈ আছে ৷ পৰীস্মিতাৰ এনে সফলতাক নলবাৰীৰ বিদ্যত সমাজে আদৰণি জনাইছে।
নিয়মীয়া বাৰ্তা, নলবাৰী, ১০ ছেপ্টেম্বৰ