স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১৯১টা চাকৰি, আবেদনৰ অন্তিম তাৰিখ ২১ ছেপ্টেম্বৰ
Directorate of Health Service, Assam (DHS), অসমে ১৯১টা পদত নিয়োগৰ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই পদবোৰ হৈছে হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট/একাউণ্ট এছিষ্টেণ্ট কাম এলডিএ, আৰু বেছিক হেল্থ ৱৰ্কাৰ (BHW)— যিবিলাক পদ ৰাজ্যৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছৰ অন্তৰ্গত।
DHS Assam নিয়োগৰ বিৱৰণ
১. হেল্থ এডুকেটৰ
- পদৰ সংখ্যা : ৭৮টা
- বেতন : ১৪,০০০ – ৭০,০০০/- (গ্ৰেড পে – ৭,৬০০/-)
- যোগ্যতা : চৰকাৰ অনুমোদিত বিশ্ববিদ্যালয়ৰ যিকোনো শাখাত স্নাতক আৰু কমেও ৬ (ছয়) মাহৰ কম্পিউটাৰ এপ্লিকেচন ডিপ্লোমা থাকিব লাগিব।
২. জুনিয়ৰ এছিষ্টেণ্ট / একাউণ্ট এছিষ্টেণ্ট কাম এলডিএ
- পদৰ সংখ্যা : ৭২টা
- বেতন : ১৪,০০০ – ৭০,০০০/- (গ্ৰেড পে – ৬,২০০/-)
- যোগ্যতা: চৰকাৰ অনুমোদিত বিশ্ববিদ্যালয়ৰ যিকোনো শাখাত স্নাতক আৰু কমেও ৬ (ছয়) মাহৰ কম্পিউটাৰ এপ্লিকেচন ডিপ্লোমা থাকিব লাগিব।
৩. জুনিয়ৰ এছিষ্টেণ্ট / একাউণ্ট এছিষ্টেণ্ট কাম এলডিএ
- পদৰ সংখ্যা : ৪১টা
- বেতন : ১৪,০০০ – ৭০,০০০/- (গ্ৰেড পে – ৫,৬০০/-)
- যোগ্যতা : চৰকাৰ অনুমোদিত বিশ্ববিদ্যালয়ৰ যিকোনো শাখাত স্নাতক আৰু কমেও ৬ (ছয়) মাহৰ কম্পিউটাৰ এপ্লিকেচন ডিপ্লোমা থাকিব লাগিব।
বয়স সীমা (০১. ০১. ২০২৫ তাৰিখলৈ)
- সাধাৰণ (UR) : ১৮-৪০ বছৰ
- অবিচি/এম’অবিচি : ১৮-৪৩ বছৰ
- এছচি/এছটি : ১৮-৪৫ বছৰ
- পিডব্লিউডি : ১৮-৫০ বছৰ
বাছনি প্ৰক্ৰিয়া
বাছনি প্ৰক্ৰিয়াৰ বিৱৰণ পাছত অসম স্বাস্থ্য সেৱাৰ চৰকাৰী ৱেবছাইটত (www.dhs.assam.gov.in) প্ৰকাশ কৰা হ’ব।
কেনেদৰে আবেদন কৰিব
আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক ১২.০৯.২০২৫ৰ পৰা ২১.০৯.২০২৫ নিশা পৰ্যন্ত ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচেছ, অসমৰ চৰকাৰী ৱেবছাইটত (www.dhs.assam.gov.in) উপলব্ধ হ’ব।
গুৰুত্বপূৰ্ণ তাৰিখ আৰু লিংক
- আবেদনৰ অন্তিম তাৰিখ: ২১.০৯.২০২৫