নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলপথাৰতো পেহেলগাম কাণ্ডৰ প্রতিশোধ : ডুবাইত পাক বধ টীম ইণ্ডিয়াৰ

নিউজ ডেস্ক, ১৫ ছেপ্টেম্বৰ : ভাৰতে এতিয়াও পাহৰা নাই পেহেলগামৰ নৰমেধ যজ্ঞ। এই হত্যাযজ্ঞত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ২৬জনকৈ নিৰীহ ভাৰতীয়ই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। এই আক্ৰমণৰ পিছতে ভাৰতে পাক সমৰ্থিত সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে অপাৰেচন সিন্দূৰ অভিযান চলাই পাক ভূমিত সন্ত্ৰাসবাদীৰ ঘাটি তচনচ কৰি পেলাইছিল। উক্ত অভিযানৰ পিছত দুই চিৰবৈৰী দেশৰ মাজত য়ুদ্ধসদৃশ পৰিৱেশৰ কিছু শাম কাটিছিল যদিও এতিয়াও ভাৰতীয়ৰ মনৰ পৰা উক্ত ভয়ংকৰ আক্ৰমণৰ ছবি মঁচ খোৱা নাই। পাহৰা নাই দেশবাসীৰ ওপৰত চলোৱা নিৰ্মম আক্ৰমণৰ ঘটনা।

শেহতীয়াকৈ তাৰেই প্ৰতিফলন দেখা গ’ল কালি অনুষ্ঠিত এছিয়া কাপ ক্ৰিকেটৰ ভাৰত-পাকিস্তানৰ মেচতো। খেলখনত ভাৰতীয় ক্ৰিকেট দলটোৱে পাক দলটোক সম্পূৰ্ণ গুৰুত্বহীন কৰি পেলায়। বেটিং-বলিং উভয়তে দুৰ্দমনীয় খেল প্ৰদৰ্শন কৰি ভাৰতীয় দলটোৱে নিজৰ ক্ষমতা খেলপথাৰতো প্ৰদৰ্শন কৰিলে। একপক্ষীয় খেলখনত ভাৰতে পাক দলটোক ঢোকে ঢোকে পানী খুৱায়। তদুপৰি সকলোকে আচৰিত কৰি ভাৰত খেলখনত জয়ী হোৱাৰ পিছতো পাক ক্ৰিকেটাৰৰ সৈতে হেণ্ডচেক কৰাৰ পৰাও আঁতৰি আহে। ফলত পেহেলগাম কাণ্ডৰ প্ৰতিশোধৰ অগনি খেলপথাৰতো দেখা গ’ল। সেই সময়ত পাক দলটোক চৰম অস্বস্তিত পৰা দেখা যায়।

ডুবাইত খেলপথাৰতো পাক বধেৰে পেহেলগাম কাণ্ডৰ প্রতিশোধ ল’লে ভাৰতে ৷ চলিত এছিয়া কাপৰ কালি অনুষ্ঠিত গ্রুপ ‘এ’ৰ বহু প্রতীক্ষিত মেচখনত টীম ইণ্ডিয়াই পাকিস্তানক সহজেই ৭ উইকেটত পৰাস্ত কৰে৷ পাকিস্তানে জয়ৰ বাবে বান্ধি দিয়া ১২৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অধিনায়ক সূর্য কুমাৰ যাদৱৰ অপৰাজিত ৪৭, অ’পেনাৰ অভিষেক শর্মাৰ ৩১ আৰু  তিলক বার্মাৰ ৩১ ৰানৰ সহায়ত ভাৰতে ১৫.৫ অভাৰত ৩টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ গিলে ১০ ৰান কৰি বিদায় লয়৷ শিৱম ডুবেই ১০ ৰান কৰি নট আউট হৈ থাকে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি পাকিস্তানে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১২৭ ৰান সংগ্রহ কৰে৷ ভাৰতীয় বলাৰৰ সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত পাক দলটোৰ ছাহিবজাদা ফাৰহান আৰু শ্বাহিন শ্বাহ আফ্রিদীৰ বাহিৰে বাকীসকল বেটাৰে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ ছাহিবজাদাই সর্বাধিক ৪০ ৰান কৰাৰ লগতে শ্বাহিনে অপৰাজিতভাৱে ৩৩ ৰান কৰে৷ দলটোৰ ৬গৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ অ’পেনাৰ ছাইম আয়ুবে ০, মহম্মদ হৰিশে ৩, অধিনায়ক ছলমান আঘাই ৩, হাছান নৱাজে ৫ আৰু মহম্মদ নৱাজে কোনো ৰান নকৰাকৈ বিদায় লয়৷ ফখৰে ১৭ ৰান কৰে৷ ভাৰতৰ হৈ কুলদীপ যাদৱে ৩টা, যশপ্রীত আৰু অক্ষৰে দুটাকৈ, হার্দিক আৰু বৰুণে এটাকৈ উইকেট লয়৷

You might also like