নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থায়ী অধ্যক্ষ-প্ৰধান শিক্ষক অবিহনেই চলিছে নগাঁৱৰ অৰ্ধশতাধিক শিক্ষানুষ্ঠান 

নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জন নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰি আছে। তৎসত্বেও তেওঁ জিলা খনৰ প্ৰায় একুৰি শিক্ষানুষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ-প্ৰধান শিক্ষকৰ দায়িত্বত থকা বিষয়টো সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে।

উল্লেখ্য যে, নগাঁও জিলা সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ অধীনস্থ কুৰি খনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়তেই নাই স্থায়ী অধ্যক্ষ। একেদৰে বহু সংখ্যক হাইস্কুলত নাই স্থায়ী প্ৰধান শিক্ষক।স্থায়ী অধ্যক্ষ-প্ৰধান শিক্ষক অবিহনেই বছৰ বছৰ ধৰি এই চৰকাৰী খণ্ডৰ  বিদ্যালয় সমূহ চলি থকাত অজস্ৰ সমস্যাই দেখা দিয়া পৰিলক্ষিত হৈছে।

সংশ্লিষ্ট শিক্ষানুষ্ঠান সমূহ একাংশ ভাৰপ্ৰপ্ত অধ্যক্ষৰ দ্বাৰা পৰিচালিত কৰি থকা হৈছে যদিও প্ৰশাসনিক আৰু বিদ্যায়তনিক দিশত কেতবোৰ জটিলতাৰ সৃষ্টি হোৱাৰ অভিযোগ সৰ্বত্ৰ উঠিছে। ইয়াৰ দুৰ্ভোগ ভুগিব লগা হৈছে মূলতঃ ছাত্ৰ -ছাত্ৰী সকলে।

ইপিনে, একাংশ শিক্ষানুষ্ঠানত ভাৰপ্ৰাপ্ত অধ্যক্ষৰ প্ৰশাসনিক দুৰ্বলতাৰ সুযোগ লৈ তাৰ কাৰ্যালয় সহায়কেই স্বয়ম্ভূ অধ্যক্ষ হৈ পৰাও পৰিলক্ষিত হৈছে। ফলত শিক্ষানুষ্ঠানসমুহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বেলিকা এক অৰাজক পৰিস্থিতি বিৰাজ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে, নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে নগাঁও  জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰি আছে। একাধিক গুৰু দায়িত্বত থকা সত্বেও  তেওঁ জিলা খনৰ প্ৰায় একুৰি খন শিক্ষানুষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ-প্ৰধান শিক্ষকৰ দায়িত্বভাৰ খামুচি থকাৰ তথ্য পোহৰলৈ আহিছে।

শিক্ষা বিভাগৰ ইমান বোৰ অতি গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল পদৱীত থকাৰ পাছতো তেওঁ সেই শিক্ষানুষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কিম্বা প্ৰধান শিক্ষকৰ দায়িত্বভাৰ কেনেকৈ চম্ভালিছে সেইটোৱেই অতি ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে।  অভিযোগ অনুসৰি, তেওঁ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত থাকিলেও প্ৰকৃতাৰ্থত সেই বিদ্যালয় সমূহৰ একাংশত কাৰ্যালয় সহায়কেই অধ্যক্ষৰ দায়িত্বভাৰ চম্ভালিব লগীয়া হৈছে।

ফলত সংশ্লিষ্ট শিক্ষানুষ্ঠানত  প্ৰায়ে অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰোপৰি সংশ্লিষ্ট শিক্ষানুষ্ঠান সমূহৰ একাংশত প্ৰশাসনিক অৰাজকতা, বিত্তীয় অনিয়ম,মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰতো অনিয়ম হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।  নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক নাথে  কি কাৰণত  ইমান সংখ্যক শিক্ষানুষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা প্ৰধান শিক্ষকৰ দায়িত্ব চম্ভালিছে, সেই লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে।

নগাঁও জিলা শিক্ষা বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকজন নিজেই বেবেজীয়া পণ্ডিত কনক চন্দ্ৰ শৰ্মা হাইস্কুল,ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়,বেছামাৰী এম আই উচ্চতৰ মাধ্যমিক বিদ্যালয়, বটদ্ৰৱা কটহগুৰি এ ইউ হাইস্কুল,হেৰাপাতি হাইস্কুল, ৰাইদঙীয়া হলিৰাম শ‌ইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, হয়বৰগাঁও ছোৱালী হাইস্কুল, পদুম পুখুৰী হাইস্কুল, কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, আইলক্ষী হাইস্কুল, আলিটাঙনী উচমানীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিমলুগুৰি হাইস্কুল,কদমনি টাউন হাইস্কুল,কালিয়াডিঙা হাই মাদ্ৰাছা(হাইস্কুল), চলাপথাৰ চাহেদ আলী হাইস্কুল, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি জিলা খনৰ প্ৰায় কুৰি খন  শিক্ষানুষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা প্ৰধান শিক্ষকৰ দায়িত্বত আছে।

বিশেষ বাৰ্তা, নগাঁও, ১৬ ছেপ্টেম্বৰ

You might also like