কাছাৰত পুনৰ শিশু-মহিলাসহ ৭ ৰহিংগীয়া আটক
কাছাৰৰ কাটিগড়াত পুনৰ আটক হৈছে শিশু মহিলাসহ ৭ ৰংহিগীয়া। কাটিগড়াৰ লক্ষীচৰা অঞ্চলত ৰাইজৰ হাতত আটক হৈছে ৰংহিগীয়াকেইজন৷ অঞ্চলটোত ঘূৰি ফূৰি থাকোঁতে স্থানীয় লোকৰ সন্দেহ হোৱাত আটক কৰা হয় ৰংহিগীয়াকেইজনক।
সোধাপোছাত ৰংহিগীয়াসকলে জনায় যে কেইবছৰমান পূৰ্বে তেওঁলোক বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। আৰু কৰ্মসূত্ৰে তেওঁলোক দীৰ্ঘদিন ধৰি ভাৰতৰ হায়দৰাবাদত আছিলে।
শেহতীয়াভাৱে অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে চলা ভাৰত চৰকাৰৰ অভিযানৰ ভয়ত তেওঁলোক হায়দৰাবাদৰ পৰা পলাই আহিছে। আৰু কাছাৰৰ ভাৰত বাংলাদেশ সীমান্তইদি তেওঁলোকৰ পুনৰ বাংলাদেশত উভতি যোৱাৰ পৰিকল্পনা আছিল বুলি জনায় ৰংহিগীয়াসকলে। তেওঁলোকৰ এনে স্বীকাৰোক্তিৰ পাছত ৰাইজে স্থানীয় গুমৰা আৰক্ষীক খবৰ দি আৰক্ষীৰ হাতত গতাই দিয়ে ৰংহিগীয়াকেইজনক।
উল্লেখ্য যে যোৱা কেইমাহত কাছাৰৰত পৰা প্ৰায় ডেৰ শতাধিক বাংলাদেশী আৰু ৰংহিগীয়া নাগৰিক আটক কৰা হৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ ছেপ্টেম্বৰ