তেজপুৰৰ নিজন বিস্কুট ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড
তেজপুৰৰ নিজন বিস্কুট ফেক্টৰীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে৷ এটা গুদামত জুইৰ সূত্ৰপাত ঘটে৷ গুদামটোত একাধিক খালী কাৰ্টনসহ কিছু মেচিনৰ সামগ্ৰী আছিল৷
নিমিষতে ছানি ধৰে জুইয়ে৷ তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্হিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলাইছে৷
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ কৰা হৈছে৷ অগ্নিকাণ্ডত কেইবালক্ষ টকা লোকচানৰ সন্মুখীন হৈছে বিস্কুট ফেক্টৰীটো৷
নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ ছেপ্টেম্বৰ